SP's conference in Dibrugarh : পুৱতি নিশালৈকে চলা বৈঠকৰ পাচত পুনৰ আৰক্ষী অধীক্ষকৰে আলোচনা মুখ্যমন্ত্ৰীৰ
18 ঘণ্টীয়া মাৰাথান বৈঠকৰ পিছত ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সৈতে পুনৰ বৈঠকত মুখ্যমন্ত্ৰী (CM Himanta Biswa Sarma meets all SPs of Assam) ৷ আইন শৃংখলা আৰু অপৰাধীৰ পৰিৱৰ্তনশীল অপৰাধসমূহৰ সৈতে মোকাবিলা কৰি পুলিচ আৰু ৰাইজৰ মাজত কেনেকৈ সম্পৰ্ক ভাল কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা বুলি মুখ্যমন্ত্ৰীৰ গৰাকীয়ে জানিবলৈ দিছে ।
Omicron in Assam: অ’মিক্ৰণক লৈ অভয়বাণী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
অ’মিক্ৰণক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই ৷ কিছু সতৰ্ক হৈ থাকিলেই হ’ব ৷ সংক্ৰমণ বেছি হ'লেও অ’মিক্ৰণে বিশেষ ক্ষতি কৰিব নোৱাৰে (There is no need to panic and be afraid of Omicron) ৷ এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷
Guwahati covid cases update : গুৱাহাটীত ২৪ ঘন্টাত ১৬৪ গৰাকী ক’ভিডত আক্ৰান্ত
বৰঝাৰ বিমান বন্দৰত ১৭ গৰাকী যাত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতি । ৰাজ্যত ৩৫১ গৰাকী ক'ভিড পজিটিভ । আক্ৰান্তৰ হাৰ ০.৯৬ শতাংশ । ৰাজ্যত ক্ৰমাৎ পুনৰ বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ (Assam covid cases more than double in a day) । ক'ভিডৰ বাবে ৯ হাজাৰ বিছনা সাজু কৰি ৰখা হৈছে । প্ৰয়োজন হ'লে আৰু ২৫ হাজাৰ বিছনা সাজু কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে ।
ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত BJP-AGP মিত্ৰ দলৰ ফলাফল ভাল হ'ব: ভৱেশ কলিতা
আগন্তুক ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত (Upcoming Thengal Kachari autonomous council election) অগপৰ লগত বি জে পি দলে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব । এই নিৰ্বাচনত মিত্ৰ দলৰ ফলাফল ভাল হ'ব ৷ সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita addressing a press conference in Guwahati)।
কেতিয়াও লোৱা নাই ঋণ কিন্তু চেন্ট্ৰেল বেংকে দিলে পৰিশোধৰ জাননী, ক'ত ?
ডিব্ৰুগড়ৰ চাবুৱাৰ ডিকম চেন্ট্ৰেল বেংকত উত্তপ্ত পৰিস্থিতি (Tension in central bank Dikom branch ) । ডিকম চেন্ট্ৰেল বেংকে কে চি চি ঋণ নোলোৱা একাংশ ব্যক্তিক ঋণ পৰিশোধ কৰিবলৈ জাননি দিয়াৰ পাছতে বৃহত্তৰ অঞ্চলটোৰ একাংশ ৰাইজ ওলাই আহি মঙলবাৰে বেংকটো ঘেৰাও কৰে । ইফালে কে চি চিৰ নামত এটা দুষ্ট চক্ৰই ডিকমৰ চেন্ট্ৰেল বেংকৰ কৰ্তৃপক্ষৰ লগত মিলি বৃহত পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে (Central bank loan scam in Dikom) ৷ চাও আহক ঘটনাৰ সবিশেষ ৷