Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ক লৈ অখিলৰ প্ৰশ্ন
"দ্ৰৌপদী মুৰ্মু প্ৰকৃততে আদিবাসী হয়নে ? দ্ৰৌপদী মুৰ্মু হৈছে এগৰাকী ক্ৰীমী লেয়াৰত পৰা মহিলা ৷ তেওঁ এগৰাকী অভিজাত মহিলা ৷ যিগৰাকী মহিলা নিজেই ৰাজ্যপাল আছিল, যিগৰাকী বিধায়ক আছিল দীৰ্ঘদিন ধৰি তেওঁক লৈ যদি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা যায় সেইটো প্ৰকৃত অৰ্থত আদিবাসী হয়নে !" এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi commenting about Draupadi Murmu) ৷
Presidential polling 2022: দিছপুৰত 123 গৰাকী বিধায়কৰ ভোটদান
অসমৰ দিছপুৰ বিধানসভাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে 123 গৰাকী বিধায়কে (Presidential polling 2022 in Assam)৷ দিছপুৰৰ বিধানসভাৰ চেন্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে (123 MLA will vote in presidential Election) ৷
Bus fell in Narmada River : নৰ্মদা নদীত যাত্ৰীবাহী বাছ বাগৰি 12 জনৰ মৃত্যু
নৰ্মদা নদীত দলঙৰ পৰা বাগৰি পৰিল যাত্ৰীবাহী বাছ (Passenger bus fell in Narmada river) ৷ বৰ্তমানলৈকে 12 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ ৷
First Monday of Shravan: কলিয়াবৰৰ শিৱ মন্দিৰসমূহত ভক্তৰ ভিৰ
আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ(First Monday of the month of Shravan)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ সমূহত আজি অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ৷ সমান্তৰালকৈ কলিয়াবৰৰ বিভিন্ন শিৱ মন্দিৰ সমূহতো পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰেহি । দেওবাৰে নিশা শিৱভক্তৰ বন্দনাৰে মুখৰিত হৈ পৰে হাতীমূৰাস্থিত দূৰ্গা মন্দিৰ ।
Presidential Polls 2022 : NDA ৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিজয় কামনাৰে বোকাখাতত চাহ পৰিষদৰ পূজা-অৰ্চনা
আজি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (NDA candidate Droupadi Murmu) । প্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠীৰ NDA ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা কৰিছে দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীৰ বিজয় কামনাৰে সোমবাৰে বোকাখাতত অসম গণ পৰিষদৰ ভাতৃ সংগঠন চাহ পৰিষদে শাওনৰ পহিলা দিনটোত পূজা অৰ্চনা আগবঢ়ায়(Chah Parisad pray for NDA candidate Droupadi Murmu) ।