Standoff at China Border: ভাৰত-চীন সীমান্তৰ উত্তেজনাক লৈ চৰকাৰক আক্ৰমণ বিৰোধীৰ
অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰক (Clash in Tawang sector) ৷ আজি এই বিষয়ত সংসদত তীব্ৰ বাদানুবাদ হোৱাৰ সম্ভাৱনা আছে ৷
Road accident in Amguri: পথ দুৰ্ঘটনা থিতাতে নিহত এজন বাইক আৰোহী
শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Sivasagar) ৷ আমগুৰিৰ চামগুৰিত সোমবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী (Man killed in a road accident) ৷ নিহত বাইক আৰোহীজন দেওৰজা বালিপথাৰৰ বমেন চন্দ্ৰ গগৈ বুলি চিনাক্ত কৰা হৈছে ৷
Accident at Amguri : গৌৰীসাগৰৰ জাঁজীত চিলিণ্ডাৰভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
শিৱসাগৰ জিলাৰ গৌৰীসাগৰ জাঁজীত ভয়ংকৰ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হ'ল চিলিণ্ডাৰভৰ্তি ট্ৰাক (Gas cylinder loaded truck accident)। ট্ৰাকখনে মহতিয়াই লৈ যায় পথৰ কাষৰ এখন বিপণী । লগতে এখন স্কুটীও ট্ৰাকখনে মহতিয়াই লৈ যায় । ফলত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বিপণী আৰু স্কুটীখন । দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনৰ নম্বৰ AS-02-CC-6524 । মইনা গগৈ নামৰ মহিলাগৰাকীৰ বিপণীখনৰ লগতে তেওঁৰে স্কুটীখনো ধ্বংসস্তুপত পৰিণত হয় (Truck hits a shop and scooter)। ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সাধাৰণ বিপণীখনেৰেই পৰিয়াল পোহপাল দি আছিল মইনা গগৈয়ে ।
Ganja seized: ৰঙিয়াত বুজন পৰিমাণৰ গাঞ্জা জব্দ
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্য়াহত(Assam police Anti Drugs Movement) । পুনৰ ৰঙিয়াত ৩০ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ গাঞ্জা জব্দ কৰা হয়(Ganja seized in Rangia) । আৰক্ষীৰ অভিযানত ২৩ কেজি ৬৪৫ গ্ৰাম ওজনৰ নিষিদ্ধ গাঞ্জাসহ তিনিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী(Ganja peddler arrested at Rangia) । ৰঙিয়াৰ সমীপৰ পশ্চিম বিহাপাৰাত দুখনকৈ বাহনত তালাচী চলাই জব্দ কৰে গাঞ্জাখিনি । তাৰ পিছতে কামৰূপ আৰু তামুলপুৰৰ পৰা পৃথকে পৃথকে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।
Indo-China army conflict: অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ
অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ (Firing between Indian and China Army) ৷ ৯ ডিচেম্বৰৰ নিশা ভাৰতী সেনা আৰু চীনা PLA ৰ মাজত সংঘৰ্ষ হোৱা তথ্য পোহৰলৈ ৷ সংঘৰ্ষত ভাৰতীয় সেনাৰ 10-12 গৰাকী জোৱান আহত (10-12 Indian army soldier injured) ৷ সংঘৰ্ষ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷ বহু সংখ্যক চীনা সৈন্যও সংঘৰ্ষত আহত হোৱাৰ সন্দেহ ৷