অসম

assam

ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি - Again one accused Ranjit Bora murder case

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Dec 6, 2022, 11:06 AM IST

Molestation incident at Doom Dooma: ছাত্ৰী নিবাসৰ নিবাসীক অশ্লীল ইংগিত চকীদাৰৰ

ডুমডুমাৰ বৰহাপজানৰ ছাত্ৰী নিৱাসত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বৰহাপজান ছাত্ৰী নিৱাসৰ চকীদাৰে আবাসী ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Hostel Warden accused of molestation) । অভিযুক্ত চকীদাৰটোৰ নাম আনন্দ বুঢ়াগোহাঁই ৷

Again one accused Ranjit Bora murder case: ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰে জড়িত পুনৰ এজনক গ্ৰেপ্তাৰ

গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত মৰিগাঁও বৰিগাঁৱত আমীৰ আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ (Again one accused of Ranjit Bora murder case arrested by assam police) । ধৃত আমীৰ আলী মৰিগাঁৱৰ বৰিগাঁৱত শহুৰেক ঘৰত আত্মগোপন কৰি আছিল ।

Gauhati University: সলনি কৰা‌ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তাৰিখ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তাৰিখ সলনি কৰা‌ হৈছে (GU exm date changed) । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম আৰু পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছে ।

Tragic Road Accident : মৰাণত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক

সোমবাৰে নিশা মৰাণত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ( Road accident at moran) ৷ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক (Youth spot dead) ৷ নিহত যুৱকজনৰ নাম হেপীৰাজ বৰুৱা ৷ স্কুটীৰে গৈ থৰা অৱস্থাতে এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে নিহত হয় যুৱকজনক ৷

Protest in Nalbari: মুকালমুৱাত গৰাখহনীয়া ৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্বান্ত নলবাৰীৰ মুকালমুৱাবাসী ৰাইজ (Massive Erosion at Mukalmua) । বাৰিষা গৈ খৰালি আহিল । কিন্তু জলসম্পদ বিবাগে এতিয়ালৈ লোৱা নাই কোনো পদক্ষেপ । সেয়ে মুকালমুৱাৰ ২নং কাপলাবড়ীত গৰাখহনীয়া ৰোধৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰতে নৈপৰীয়া ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।

Assam CM in Bongaigaon : শীঘ্ৰে সম্পূৰ্ণ হ’ব বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী দলংখন

11 বছৰে অসম্পূৰ্ণ হৈ থকা বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ ওপৰত থকা দলংখনৰ কাম শীঘ্ৰে আৰম্ভ হ’ব ৷ যাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে আৱন্টন কৰি দিছে 29 কোটি টকা ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Visited AIE Bridge in Bongaigaon) ৷

NULM Assam: নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত অসম আৰ্হিক সৰ্বভাৰতীয় স্বীকৃতি

নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিয়ে সমগ্ৰ ভাৰতে লাভ কৰিছে স্বীকৃতি (Assam model of urban poverty eradication) ৷ অতি সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিছে এই দাবী(CM Himanta Biswa Sarma) ৷ নগৰীয়া দৰিদ্ৰতা দূৰ কৰা আৰু নগৰাঞ্চলৰ অৰ্থনৈতিকভাৱে পিছ পৰা লোকসকলক আৰ্থ-সামাজিকভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছন (এনইউএলএম), অসমৰ শেহতীয়া পদক্ষেপসমূহে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে উচ্চ প্ৰশংসা (Pan India recognition) ৷

Brazil beats South Korea: নেইমাৰৰ প্ৰত্যাৱৰ্তন আৰু ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল

দললৈ পুনৰ প্ৰত্যাৱৰ্তন ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰৰ ৷ গোৰোহাত পোৱা আঘাতৰ বাবে প্ৰথমখন খেলৰ পাচৰ পৰাই চিকিৎসাধীন হৈ আছিল নেইমাৰ (FIFA world cup 2022) ৷ সোমবাৰে গ্ৰুপ 16 ৰ খেলখনত ব্ৰাজিলে দক্ষিণ কোৰিয়াক 4-1 গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে (Brazil beats South Korea) ৷

Theft in Nagaon: গৰুচোৰে কাটি নিলে গৃহস্থৰ কাণ

নগাঁৱত চোৰে চলাইছে তাণ্ডৱ (Thief scare in Nagaon) । এইবাৰ গৰুচোৰে কাটি নিলে গৃহস্থৰ কাণ । চোৰৰ আক্ৰমণত আহত হ'ল দুজনকৈ লোক । নগাঁৱৰ জুৰীয়াত সংঘটিত এই ভয়ংকৰ ঘটনা । দেওবাৰে নিশা দলনিজুৰীয়াৰ নবী হুছেইন আৰু গুলজাৰ হুছেইনৰ বাসগৃহত গৰু চুৰিৰ চেষ্টা চলাইছিল চোৰে (Cow thieves in Nagaon) ।

Protection of child rights: বৰপেটাত শিশুৰ অধিকাৰ সুৰক্ষা সজাগতা সভা

শিশুৰ অধিকাৰ ভংগ আৰু সুৰক্ষা সম্পৰ্কে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা শিবিৰ (protection of child rights programme) ৷ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য সচিব ৰূপালী বেনাৰ্জীৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ এটা দলৰ সহযোগত আয়োজন কৰা হয় এই সজাগতা শিবিৰ ৷ শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কে অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰে বৰপেটাৰ জিলা উপায়ুক্ত আয়ুস গৰ্গে (DC Aayush Garg) ৷

ABOUT THE AUTHOR

...view details