অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ বাতৰি... - 11 বজাৰ শীৰ্ষ বাতৰি

11 বজাৰ শীৰ্ষ বাতৰি...

top 10 at 11 am
11 বজাৰ শীৰ্ষ বাতৰি...

By

Published : Sep 29, 2021, 11:06 AM IST

ধোদৰ আলি পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

আমগুৰিত লোকনিৰ্মাণ বিভাগ(PWD Department)ৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ প্ৰায় 8 কোটি টকা ব্যয়েৰে মেৰামতি কৰি থকা ধোদৰ আলি(Dhodar Ali) পথটোত বখলা-বখলে এৰিবলৈ ধৰিছে ব্লেক টেপিং ৷ আমগুৰি জাঁজী দলঙৰ পৰা চামগুৰিলৈকে নিৰ্মাণৰত পথটোৰ ব্লেক টেপিং এৰি যোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠিছে । ঠিকাদাৰে অতি নিম্নমানেৰে পথ নিৰ্মাণ কৰা পাচতো আমগুৰি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ ৷

শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ

টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণ অসমত মাওবাদীৰ বাবে এক ডাঙৰ বিফলতা বুলি গণ্য কৰা হৈছে । ওৰাঙৰ আত্মসমৰ্পণৰ পাছত সংগঠনটো এক প্ৰকাৰৰ নেতাহীন হৈ পৰিব ৷

গোলাঘাটত মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ

বুধবাৰে গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । নিজে মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ । ঘিলাধাৰী থানাৰ নিজ বেৰেকত এটা 7.62 mm SLR ৰাইফলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰে এজন ASRF জোৱানজনে । পুৱতি নিশা প্ৰায় ৩ বাজি ৫০ মিনিটত জোৱানজনে সংঘটিত কৰে এই ঘটনা । গুলিৰ শব্দত উচপ খাই উঠে বেৰেকত থকা অন্য জোৱানসকল । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় থানাৰ আন বিষয়ববীয়াসকল ৷ জানিব পৰা মতে, মনোৰঞ্জন সিনহা নামৰ প্ৰায় ৫৭ বছৰীয়া জোৱানজন ২ নং ASRF বেটেলিয়ন ৷ উল্লেখ্য যে, বৰ্তমানলৈকে জোৱানজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ৷


বিশ্বৰ বজাৰত স্থান লাভ কৰিলে মাজুলীৰ ঐতিহ্য ‘ৰঙা বাওধানে’

বিশ্বৰ বজাৰত চাহিদা লাভ কৰিছে মাজুলীৰ ৰঙা বাওধান(Red Bao Rice)য়ে ৷ হায়দৰাবাদৰ এটি কোম্পানীয়ে মাজুলীৰ পৰা এই ৰঙা বাওধানৰ চাউল নি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, বেলজিয়াম আৰু জাপানত বিক্ৰীৰ বাবে সিদ্ধান্ত লৈছে ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...


চিৰাঙত বড়ো সাহিত্য সভাৰ উদ্যোগত শ্বহীদ দিৱস পালন

১৯৭৪ চনৰ আজিৰ এই দিনটোতে অৰ্থাৎ ২৮ ছেপ্টেম্বৰত বড়ো সাহিত্য সভাৰ ৰোমান লিপিৰ আন্দোলনত প্ৰথমবাৰৰ বাবে বৰপেটাত আৰক্ষীৰ গুলীত দুগৰাকীকৈ বড়ো জনগোষ্ঠীয় লোকৰ মৃত্যু হৈছিল । পৰবৰ্তী সময়ত অসমৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ এই ৰোমান লিপিৰ আন্দোলনত জপিয়াই পৰি আৰক্ষীৰ গুলীত আৰু ১৪ জনকৈ বড়ো জনগোষ্ঠীয় লোকে নিজৰ জীৱন বলিদান দিছিল নিজৰ ভাষাৰ লিপি আন্দোলনত । ইয়াৰ পিচতে ১৯৭৫ চনৰ পৰা বড়ো সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে ২৮ ছেপ্টেম্বৰৰ দিনটো ছহিদ দিৱস হিচাপে পালন কৰি আহিছে ।


বিৰোধী শূন্য হোৱাৰ দিশে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ !

৩০ সদস্যৰে গঠিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ । ইয়াৰে ২৮ গৰাকী আছিল বিজেপিৰ আনহাতে ২ গৰাকী কংগ্ৰেছৰ । কিন্তু মঙলবাৰে বিজেপিলৈ গমন আন এগৰাকী কংগ্ৰেছ সদস্যৰ । লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত ।


World Heart Day 2021 : ইতিহাস, তাৎপৰ্য সম্পৰ্কে কিছু কথা...

আজি ‘বিশ্ব হৃদযন্ত্ৰ দিৱস’(World Heart Day) ৷ চলিত বৰ্ষৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ মূল বিষয়বস্তু হৈছে ‘Use Heart Connect’ ৷ অৰ্থাৎ, ক’ভিড(Covid) মহামাৰীৰ সময়চোৱাত হৃদযন্ত্ৰৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে সজাগতা বিয়পোৱা আৰু প্ৰযুক্তিগতভাৱে হৃদযন্ত্ৰৰ সজাগতা সন্দৰ্ভত গুৰুত্ব দিয়া ৷


নৱজোৎ সিং সিদ্ধুৰ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগৰ পাঁচটা কাৰণ

পঞ্জাৱ কংগ্ৰেছৰ ভিতৰচ’ৰাত সমস্যা নতুন নহয় ৷ ইয়াৰ পূৰ্বেও সিদ্ধু আৰু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ মাজত চলি আছিল সংঘৰ্ষ, যাৰ ফলশ্ৰুতিতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে ৷ কিন্তু শেহতীয়াকৈ পঞ্জাৱৰ ৰাজনীতিত ঘটিল আন এক পট পৰিৱৰ্তন ৷ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ নৱজোৎ সিং সিদ্ধুৰ ৷


আফগানিস্তানৰ ভূমিত আমেৰিকাই ৰাখিব 2,500 সেনা

সূত্ৰ অনুসৰি আফগানিস্তানৰ ভূমিত 2,500 মাৰ্কিন সেনা ৰাখিবলৈ ৰাষ্ট্ৰপতি জ’ বাইডেনক পৰামৰ্শ দিছে মাৰ্কিন সেনাৰ শীৰ্ষ বিষয়াই ৷


বিশ্বকাপ কোৱালিফায়াৰত আৰ্জেণ্টিনা দলক নেতৃত্ব দিব মেছিয়ে

দক্ষিণ আমেৰিকাৰ বিশ্বকাপ কোৱালিফায়াৰৰ পৰৱৰ্তী ট্ৰিপল হেডাৰৰ বাবে আৰ্জেণ্টিনাৰ ফুটবল দলক নেতৃত্ব দিব লিঅ'নেল মেছিয়ে । সোমবাৰে আৰ্জেণ্টিনা ফুটবল এছ'চিয়েছনে এই কথা প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details