চিৰাং, 6 জানুৱাৰী :অৱশেষত সন্ধান ওলাল সাংসদ বিশ্বজিৎ দৈমাৰীৰ বৰপুত্ৰ অমিত ৰাজ দৈমাৰীৰ । উল্লেখ্য যে, কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰজন মঙলবাৰে বিদ্যালয়ৰ পৰাই সন্ধানহীন হৈছিল । বুধবাৰে চিৰাং জিলাৰ চাপাগুৰীৰ ড'ন বস্ক' বিদ্যালয়ৰ ওচৰত বহি থকাৰ পৰা অমিত ৰাজ দৈমাৰীক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে ।
জানিব পৰা মতে, বিদ্যালয়ৰ দেৱাল বগাই পলায়ন কৰিছিল অমিত ৰাজ দৈমাৰীয়ে । বুধবাৰে ৰাতিপুৱা বাছেৰে আহিছিল চিৰাঙৰ ছাপাগুৰিলৈ । সেই সময়তে চিনাকি লোকে দেখা পাই পৰিয়ালৰ হাতত গতাই দিয়ে অমিত ৰাজ দৈমাৰীক ৷
নিশা কটোৱা অচিনাকী বন্ধুৰ মন্তব্য ঘটনাৰ বিৱৰণ অনুমসৰি, চিৰাঙৰ 1 নং ছাপাগুৰীৰ বাসিন্দা দিগন্ত লাৱাৰীৰ ঘৰত থকা ব্যাক্তিগত হোষ্টেল এটাত নিশা কটাইছিল সাংসদ পুত্ৰজনে । ডন বস্ক' জুনিয়ৰ কলেজৰ ছাত্ৰ আৰনোল্ড নাৰ্জাৰীৰ এগৰাকী বান্ধৱীয়ে মঙলবাৰে সন্ধিয়া ফোন কৰি কৈছিল যে, তাৰ কোনোবা এজন বন্ধু আহিব তাক এটা নিশাৰ বাবে থকাৰ ব্যৱস্থা কৰি দিব লাগে । সেই মতেই অচিনাকি বন্ধুক নৈশ যাপনৰ সুবিধা দিছিল আৰনলে ।
বুধবাৰে ৰাতিপুৱা সাংসদ পুত্ৰই ওলাই গৈছিল প্ৰায় 8.30 বজাত । তাৰ পিচতে বাক্সাৰ কোনো আত্মীয়ই ফোন কৰি ল'ৰাজনক ৰাখিব কোৱাত পৰিয়ালৰ লোকে ছাপাগুৰীৰ বজাৰত লগ পায় সাংসদ পুত্ৰক ।
লগতে পঢ়ক :কৰ’ণাকালৰ পাছত অসমীয়া চিনেমাৰ ভৱিষ্যত কোন দিশে ?