অসম

assam

ETV Bharat / state

"এক ভাৰত বিজয়ী ভাৰত"ৰ বাণীৰে অসমত উপস্থিত শ্ৰী থাংগা ৰাজা - বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়

শ্ৰী থাংগা ৰাজা,এগৰাকী শাৰিৰীকভাৱে সক্ষম লোক যিয়ে সুদুৰ কন্যাকুমাৰীৰ পৰা স্কুটী চলাই আহি উপস্থিত হৈছে অসমৰ চিৰাং জিলাত ৷ কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অভিযন্তা শ্ৰী থাংগা ৰাজাই বিবেকানন্দ শিলান্যাসৰ 50 বৰ্ষপূৰ্তি উপলক্ষে "এক ভাৰত বিজয়ী ভাৰত"ৰ বাণীৰে এইদৰে অসমত আহি উপস্থিত হৈছে ৷

"এক ভাৰত বিজয়ী ভাৰত"ৰ বাণীৰে শ্ৰী থাংগা ৰাজা

By

Published : Oct 29, 2019, 1:16 PM IST

চিৰাং, 29 অক্টোবৰঃ সুদুৰ কন্যাকুমাৰীৰ পৰা স্কুটী চলাই অসমত আহি উপস্থিত হৈছে এগৰাকী বিশেষভাৱে সক্ষম লোক ৷ বিবেকানন্দ শিলান্যাসৰ 50 বৰ্ষপূৰ্তি উপলক্ষে "এক ভাৰত বিজয়ী ভাৰত"ৰ বাণীৰে অসমত আহি উপস্থিত হোৱা লোকজন হৈছে অভিযন্তা শ্ৰী থাংগা ৰাজা

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত শ্ৰী থাংগা ৰাজা

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশেষভাৱে সক্ষম অভিযন্তাগৰাকীয়ে কন্যাকুমাৰীস্থিত বিবেকানন্দ শিলান্যাসৰ 50 বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি অসমত উপস্থিত হয় ৷ অসমৰ চিৰাং জিলাৰ কাজলগাঁৱস্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত হোৱা অভিযন্তাগৰাকীক বিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে উষ্ম আদৰণি জনাই ৷

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক

বিগত 2 ছেপ্টেম্বৰৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰা শ্ৰী থাংগা ৰাজাই 101 দিনৰ ভ্ৰমণ সামৰি পুনৰ কন্যাকুমাৰীত উপস্থিত হ'ব ৷ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত শ্ৰী থাংগা ৰাজাক ভাৰতীয় সেনাবাহিনীৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনুপ সোনাৰে এই যাত্ৰাৰ বাবে আদৰণি জনায় ৷ "এক ভাৰত বিজয়ী ভাৰত"ৰ মহান বাণীৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰা এই অভিযন্তাগৰাকী ছাত্ৰ সমাজৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবেই এক প্ৰেৰণা উৎস ৷

ABOUT THE AUTHOR

...view details