অসম

assam

ETV Bharat / state

চিৰাঙত বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক - বনৰৌ

চিৰাঙত এচএচবি আৰু বন বিভাগৰ অভিযানত বনৰৌ বিক্ৰী কৰিবলৈ অহা তিনিজন লোকক আটক কৰা হয় । বৃহস্পতিবাৰে বিয়লি বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত চিৰাং বন বিভাগ আৰু এচ এচ বিয়ে যৌথভাৱে চলায় এই অভিযান ৷

Three Pengolin poachers arrested in Chirang
চিৰাঙত বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক

By

Published : Oct 21, 2021, 10:20 PM IST

চিৰাং, 21 অক্টোবৰ : চিৰাঙত এচএচবি আৰু বন বিভাগৰ অভিযানত বনৰৌ বিক্ৰী কৰিবলৈ অহা তিনিজন লোকক আটক কৰা হয় । বৃহস্পতিবাৰে বিয়লি বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত চিৰাং বন বিভাগ আৰু এচ এচ বিয়ে যৌথভাৱে চলায় এই অভিযান ৷ অভিযানত লোক কেইজনক আটক কৰাৰ লগতে বাংলাদেশ, ভূটান আৰু ভাৰতীয় ৩০ হেজাৰ নগদ টকাৰ লগতে বহু আপত্তিজনক নথি জব্দ কৰা হয় ৷

আটকাধীন লোক কেইজন ক্ৰমে, কোকৰাঝাৰৰ তিতাগুৰীৰ শংকৰ সুত্ৰধৰ(৩৫), কোকৰাঝাৰৰ চৰাইখোলাৰ মিথিছুলা বসুমতাৰী (৩৪) আৰু নিউ বঙাইগাঁৱৰ মনো ৰায় (৫৫) ৷ অভিযানত AS-01UK-9196 আৰু AS-16D-6656 নম্বৰৰ দুখন চাৰিচকীয়া বাহন আৰু AS-16G-6993 এখন স্কুটী জব্দ কৰে বন বিভাগে ৷

চিৰাঙত বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক

লগতে পঢ়ক:উজনিত কংগ্ৰেছ শূন্য; কয়লা ছিণ্ডিকেট চলাবলৈ বিজেপিত যোগ দিলে ৰূপজ্যোতিয়ে

চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে উল্লেখ কৰা মতে, বিশেষ তথ্যৰ ভিত্তিত চলোৱা অভিযানত চিৰাং-কোকৰাঝাৰ সীমান্তৰ কাৰিগাঁৱৰ পৰা বন্যপ্ৰাণী সৰবৰাহৰ লগত জড়িত এটা চক্ৰক আটক কৰা হয় ৷ আন্তৰ্জাতিক চক্ৰৰ সৈতে জড়িতৰ সন্দেহ কৰা হৈছে চক্ৰটোক । ইয়াৰ লগত আন বহুকেইজন লোকো জড়িত আছে বুলি উল্লেখ কৰি তাৰে কেইজনমান পলাবলৈ সক্ষম হোৱা বুলিও জনালে বন বিভাগে ৷

কিছুদিন পূৰ্বেও দুষ্প্ৰাপ্য বনৰৌৰ ছাল সহ দুজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল বন বিভাগে । আজি আকৌ জীৱিত দুষ্প্ৰাপ্য বন ৰৌ সহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় চিৰাঙৰ বন বিভাগে । উদ্ধাৰ হোৱা বন-ৰৌটো কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰি বনাঞ্চলৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে । দুই কোটি টকাত বিক্ৰী কৰিবলৈ আনি দৰ-দাম কৰি থকা অৱস্থাতেই আটক কৰা হয় লোক কেইজনক ৷

লগতে পঢ়ক:হাগ্ৰামা মহিলাৰীক আদৰণি জনাই ফনিধৰৰ হৈ প্ৰচাৰ চলালে দিলীপ শইকীয়াই

ABOUT THE AUTHOR

...view details