চিৰাং, 27 মে': বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ বাবে জনসাধাৰণৰ লগতে ক্ষতিগ্ৰস্ত হৈছে জীৱকুলৰ ৷ অত্যাধিক বৰষুণ আৰু ধুমুহাৰ ফলত অনিষ্ট হৈছে জীৱকুলৰ বাসস্থান ৷ যাৰবাবে জীৱকুলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ ইয়াৰ মাজতে মঙলবাৰে একেদিনাই চিৰাঙত উদ্ধাৰ হৈছে তিনিটাকৈ দুষ্প্ৰাপ্য বন্য প্ৰাণী ৷ দুষ্প্ৰাপ্য বন্য প্ৰানী কেইটা উদ্ধাৰ কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে ৷ মঙলবাৰে বিয়লি চিৰাং বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী স্বপন বৰ্মনৰ বিজনীস্থিত ঘৰৰ পিচফালে বাগানত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ ৷ একেদৰে বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হায়দৰ হুচেইনে নিজৰ কৰ্তব্যলৈ গৈ থকাৰ সময়তে আউজাৰগুৰিত পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰে এটা দেৰমহীয়া সোনালী বান্দৰৰ পোৱালী ৷ বৰ্তমান নিজৰ সন্তানৰ দৰেই সোনালী বান্দৰৰ পোৱালীটোৰ দায়িত্ব পালন কৰিছে বিষয়া হাইদৰ হুচেইনৰ পত্নী ফাতেমা খাতুনে ৷
আনহাতে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু জ্যোতি নাথে বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই ছোটো স্যামথাইবাৰীৰ পৰা উদ্ধাৰ কৰে এটা দুষ্প্ৰাপ্য লক্ষ্মী ফেঁচা ৷ জানিব পৰা মতে তিনিজন ব্যক্তিয়ে বিক্ৰীৰ বাবে আনিছিল ফেঁচাটো ৷ ফেঁচাটোৰ লগতে আৰক্ষীয়ে আটক কৰে সোম মাৰ্ডী, মঙ্গল হেমব্ৰম , আৰু লক্ষ্মন হাজদা নামৰ তিনিজন ব্যক্তিক ৷ পাছত বন বিভাগৰ নিয়ম অনুসৰি তিনিওকে হাজিৰ কৰোৱা হয় আদালতত ৷