অসম

assam

ETV Bharat / state

যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো হ'ব একত্ৰিতঃ অবড়ো সুৰক্ষা সমিতি - অবড়ো সংগ্ৰাম

চিৰাঙৰ বিজনীৰ পানবাৰীৰ বৰপথাৰত তিনিদিনীয়াকৈ অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কৰ্মশালা অনুষ্ঠিত ৷ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰ্মশালাত ৷ " যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো শক্তিশালী ভাৱে একত্ৰিত হ'ব " - মন্তব্য সাংসদ নৱ শৰণীয়াৰ

যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো হ'ব একত্ৰিতঃ অবড়ো সুৰক্ষা সমিতি

By

Published : Aug 19, 2019, 4:09 PM IST

চিৰাং, 19 আগষ্টঃ চিৰাঙৰ বিজনীৰ পানবাৰীৰ বৰপথাৰত শনিবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কৰ্মশালাত আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ আলোচনা হয় ৷ অবড়োৰ মুক্তিৰ সংগ্ৰাম খনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অবড়ো সংগ্ৰাম খনত জড়িত নেতা কৰ্মীক লৈ বিগত দিনৰ কাৰ্যপন্থাৰ নিৰ্মোহ বিশ্লেষণৰ যোগেদি আহিব লগা বিটিচি পৰিষদ দখলৰ চেষ্টা কৰিব সমিতিয়ে ৷

5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া এই কৰ্মশালাত উপস্থিত থাকি কয় যে বিটিচিত যদি অবড়ো সুৰক্ষা সমিতিৰ কাউঞ্চিল নহয় তেনেহ'লে বড়োলেণ্ডত পৰৱৰ্তী সময়ত জম্মু-কাশ্মীৰৰ দৰে পৰিস্থিতি হ'ব পাৰে ৷ ইয়াৰোপৰি সাংসদ গৰাকীয়ে কয় যে অবড়ো দল সংগঠনৰ ৰাজনৈতিক উত্থানত শংকিত হৈ যদিহে বিটিচিত বি পি এফ আৰু ইউ পি পি দল একগোট হৈ নিৰ্বাচন খেলে সেয়া হ'ব অবড়ো লোকসকলৰ বাবে বিটিচি দখল কৰাৰ সোণালী সুযোগ ৷ কিয়নো যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো শক্তিশালী ভাৱে একত্ৰিত হ'ব ৷

সাংসদ নৱ শৰণীয়া

ইফালে সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ আহ্বায়ক ব্ৰজেন মহন্তই বিটিচিত হাগ্ৰামা নেতৃত্বাধীন বি পি এফে অবড়ো লোকক কৰা শোষণৰ বিৰুদ্ধে সকলো অবড়ো লোক একত্ৰিত হৈ আগবাঢ়ি আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো হ'ব একত্ৰিতঃ অবড়ো সুৰক্ষা সমিতি

ইয়াৰ পৰা স্পষ্ট হয় যে আগন্তুক বিটিচি পৰিষদীয় যুঁজ খনত বড়ো আৰু অবড়োৰ মাজতেই মূল প্ৰতিদন্দিতা পোৱাটো নিশ্চিত ৷ উল্লেখযোগ্য যে, কৰ্মশালাত বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন, বিটিচিৰ বহু কেই গৰাকী MCLA, বিটিএডিৰ চাৰিওখন জিলাৰ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিনিধি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাজনো জেষ্ঠ অধিবক্তা উপস্থিত থকাৰ লগতে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ উপৰিও বৰপথাৰৰ ডেৰ শতাধিক ৰাইজ অংশগ্ৰহণ কৰে ।

যিমানেই বড়ো দল সংগঠন একত্ৰিত হ'ব সিমানেই অবড়ো দল সংগঠনো হ'ব একত্ৰিতঃ অবড়ো সুৰক্ষা সমিতি

ABOUT THE AUTHOR

...view details