চিৰাং, 20 জুলাই :চিৰাঙত চৰকাৰী সংৰক্ষিত ভূমি বেদখল(illegal acquisition of government reserved land)ক কেন্দ্ৰ কৰি উত্তেজনা । ৩২ খন গাঁৱৰ লোক ওলাই আহিল বেদখল উচ্ছেদৰ বাবে । আৰক্ষী তথা দণ্ডাধীশ(megistrate) ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । চিৰাঙৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষৰ ৰৌমাৰী গাঁও এলেকাৰ সংৰক্ষিত চৰকাৰী ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
চৰকাৰৰ সংৰক্ষিত ভূমি বেদখলক কেন্দ্ৰ কৰি এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি ৷ ভূমি বেদখলকাৰীসকলৰ বিৰুদ্ধে ওলাই আহে প্ৰায় ৩২ খন গাঁৱৰ পাঁচ শতাধিক পুৰুষ-মহিলা । এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া । উল্লেখ্য যে, যোৱা কিছুদিনৰ পূৰ্বে এটা ৫০/৬০ জনীয়া যুৱকৰ দলে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ হাগ্ৰামা দলঙৰ সমীপৰ প্ৰায় এশ বিঘা চৰকাৰী ভূমি বেদখল কৰাৰ চেষ্টা আৰম্ভ কৰে ৷