অসম

assam

By

Published : Feb 13, 2023, 9:52 PM IST

ETV Bharat / state

Student brutally torture by teacher: শ্ৰেণীকোঠাত আৱদ্ধ কৰি ছাত্ৰক দলবদ্ধ শাৰীৰিক নিৰ্যাতন শিক্ষকৰ

চিৰাঙৰ ঢালিগাঁৱৰ ব্যক্তিগত খণ্ডৰ পি কে এম ইংলিছ মিডিয়াম স্কুলত ছাত্ৰক লঘু অপৰাধত গুৰুতৰ শাস্তি । শিক্ষকৰ জিৰণি কোঠাত ছাত্ৰত আবদ্ধ কৰি অমানুষিক শাৰীৰিক নিৰ্যাতন একাংশ শিক্ষকৰ (Student brutally torture by teacher) । বিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে আইনৰ কাষ চপাৰ হুংকাৰ অভিভাৱকৰ ৷

Student brutally torture by teacher
শ্ৰেণীকোঠাত আৱদ্ধ কৰি ছাত্ৰক দলবদ্ধ শাৰীৰিক নিৰ্যাতন শিক্ষকৰ

শ্ৰেণীকোঠাত আৱদ্ধ কৰি ছাত্ৰক দলবদ্ধ শাৰীৰিক নিৰ্যাতন শিক্ষকৰ

চিৰাং, ১৩ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ ঢালিগাঁওস্থিত এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ একাংশ শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ ৷ শিক্ষককেইজনে বিদ্যালয়ৰ ভিতৰতে অষ্টম শ্ৰেণীত অধ্যয়নৰত ৯/১০ গৰাকী ছাত্ৰক শ্ৰেণীকোঠাৰ ভিতৰত আবদ্ধ কৰি দলবদ্ধভাৱে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে (Student brutally torture by teacher in Chirang) ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতেই অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

অভিযোগ অনুসৰি ঢালিগাঁওস্থিত ব্যক্তিগত খণ্ডৰ পি কে এম ইংলিছ মিডিয়াম স্কুলত (PKM English Medium School, Dhaligaon) ৯ ফেব্ৰুৱাৰীৰ দিনা সংঘটিত হয় এই ঘটনা ৷ নিৰ্যাতনৰ চিকাৰ হোৱা কেইবাজনো অভিভাৱকে পি কে এম স্কুলৰ অধ্যক্ষগৰাকীক এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে ৷ অভিভাৱকৰ অভিযোগৰ পাচতো আজিলৈকে বিদ্যালয় কর্তৃপক্ষই শিক্ষককেইজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ইফালে, এই ঘটনাৰ ভুক্তভোগী এজন ছাত্রই সংবাদ মাধ্যমৰ আগত শিক্ষকৰ দ্বাৰা সন্মুখীন হোৱা ভয়াৱহ অত্যাচাৰৰ বিষয়ে সদৰী কৰে ৷ ছাত্ৰজনে জানিবলৈ দিয়া মতে, বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ‘বি’ চেকছনৰ ছাত্ৰসকলে (Class 8 students tortured by school teachers ) ধেমালি কৰি একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ সংক্ষিপ্ত তথা উপ নাম ৰাখিছিল আৰু তেওঁলোকে নিজৰ মাজতে সেই নামেৰে ধেমালি কৰিছিল । কিন্তু অষ্টম শ্ৰেণীৰ ছাত্ৰসকলৰ উপ নামৰ এই সমগ্ৰ বিষয়টো সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীৰ কাণত পৰে ৷

ইয়াৰ পাচতেই ৯ ফেব্ৰুৱাৰী দিনা মুকেশ, নয়ন, এডিচন, ভাস্কৰজ্যোতি, দাংছোৰং, ছৌমদৌন, দেৰহা আৰু ছানচুমা নামৰ শিক্ষককেইজনে অষ্টম শ্ৰেণীৰ 'বি' শাখাত প্ৰৱেশ কৰি বাচনি কৰি ৯/১০ জন ছাত্ৰক অমানুষিকভাৱে শাৰীৰিক নিৰ্যাতন চলায় । তেওঁলোক ইমানতে ক্ষান্ত নাথাকি শিক্ষয়িত্ৰীৰ উপনাম ৰখা দুজন ছাত্ৰক শিক্ষকৰ জিৰণী কোঠালীত লৈ অৰ্ধ নগ্ন কৰি প্ৰচণ্ড প্ৰহাৰ কৰে ।

ইপিনে, শিক্ষকৰ দলবদ্ধ শাৰীৰিক নিৰ্যাতনৰ চিকাৰ হোৱা অধিকাংশ ছাত্ৰই ভয়তে সমগ্ৰ ঘটনা অভিভাৱকৰ পৰা লুকুৱাই ৰাখে । ইফালে ছাত্ৰকেইজনৰ শৰীৰত অভিভাৱকে আঘাতৰ চিন দেখি সোধা পোছা কৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে । ১০ ফেব্ৰুৱাৰীৰ দিনা একাংশ অভিভাৱকে তেওঁলোকৰ সন্তানক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত কিয় এনেদৰে অমানৱীয় শাৰীৰিক অত্যাচাৰ চলোৱা হ’ল তাৰ তদন্ত আৰু ন্যায় বিচাৰি পি কে এম ইংলিছ মিডিয়াম স্কুলৰ অধ্যক্ষক লিখিত অভিযোগ কৰে ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে, সমগ্ৰ বিষয়টো লৈ বিদ্যালয় কৰ্তৃপক্ষই বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে । ভুক্তভোগী ছাত্ৰকেইজনৰ পৰিয়ালে এই ক্ষেত্ৰত প্ৰয়োজন হ’লে আইনৰ আশ্ৰয় লোৱাৰ কথা জানিবলৈ দিয়ে । ইফালে পি কে এম ইংলিছ মিডিয়াম স্কুলৰ অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ এই ঘটনাৰ তদন্ত কৰাৰ বাবে এখন সমিতি গঠন কৰাৰ কথাও ব্যক্ত কৰে ৷

লগতে পঢ়ক:Assam Police New Rules : জিলা মুখ্য কাৰ্যালয়ত আৰক্ষী বিষয়াই শুনিব ৰাইজৰ অভিযোগ

ABOUT THE AUTHOR

...view details