অসম

assam

ETV Bharat / state

Teacher protest in BTR :চিৰাঙৰ ৰাজপথত বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক - BTR teacher protest

বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ একাংশ শিক্ষকে দেওবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Non provincialised teacher protest in BTR)। ৰেল পথ অৱৰোধৰ কাৰ্যসূচীৰ আহ্বান জনাইছিল যদিও শিক্ষকসকলক বাধা আৰক্ষীৰ । অতি শীঘ্ৰে বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ দাবী শিক্ষকসকলৰ ।

Teacher protest
চিৰাঙৰ ৰাজপথত বিটিআৰৰ একাংশ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক

By

Published : Dec 12, 2021, 8:35 PM IST

চিৰাং,১২ ডিচেম্বৰ :ৰাজ্যত পুনৰ প্ৰতিবাদত নামিল বঞ্চিত শিক্ষক । এইবাৰ বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলে দেওবাৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনায় (Non provincialised teacher protest in BTR)। সদৌ বিটিআৰ অপ্ৰাদেশিকৃত বিদ্যালয় শিক্ষক সন্থাই চিৰাঙৰ ডাংতল টিলাপাৰাত দুঘণ্টীয়া ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । অৱশ্যে আৰক্ষীৰ উপস্থিতিত শিক্ষকৰ ৰেল অৱৰোধৰ কাৰ্যসূচী বিফল হয় ।

চিৰাঙৰ ৰাজপথত বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক

ৰেল পথ অৱৰোধ নকৰাকৈয়ে শিক্ষকসকলে প্ৰদান কৰিলে স্মাৰক পত্ৰ । বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ দাবী তোলে শিক্ষকসকলে । আগন্তুক বিধানসভা অধিৱেশনৰ পূৰ্বেই বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ দাবী জনায় শিক্ষকসকলে ।

প্ৰতিবাদী শিক্ষকসকলে কয় যে, প্ৰশাসনে বাধা দিয়া স্বত্বেও তেওঁলোকে প্ৰতিবাদৰ বাবে ওলাই আহিবলগীয়া হৈছে । সেয়ে চৰকাৰক তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাই শিক্ষকসকলে । চিৰাং জিলা সমিতি বিটিআৰ অপ্ৰাদেশিকৃত বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ভৱৰঞ্জন বসুমতাৰীৰ নেতৃত্বত এই ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ।

লগতে পঢ়ক :ডিফুত প্ৰধান শিক্ষক সকলৰৰ সৈতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মত বিনিময়

ABOUT THE AUTHOR

...view details