বঙাইগাঁও , 23 জানুৱাৰীঃবঙাইগাঁও জিলাৰ যোগীঘোপাৰতামৰঙা-দলনী ভোগালী মহোৎসৱৰ নামত আয়োজকৰ ওপৰত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি আধাতে মহোৎসৱ বন্ধ কৰি পলায়ন কৰিছে তামৰঙা-দলনী ভোগালী মহোৎসৱৰ আয়োজকে ৷ দৰাচলতে এই মহোৎসৱত নৌকা বিহাৰ, হাতী চাফাৰি, ঘোৰা চালনা, সাংস্কৃতিক অনুষ্ঠান, জনগোষ্ঠীয় কলা-কৃষ্টি প্ৰদৰ্শন, থলুৱা খাদ্য সামগ্ৰীৰ ব্যৱস্থা আদি বিশেষ আকৰ্ষণ হিচাপে ব্যাপকভাৱে প্ৰচাৰ চলাইছিল আয়োজকে। কিন্তু মহোৎসৱত প্ৰকৃত ৰূপত আছিল এখন সাধাৰণ মঞ্চৰ লগতে তোৰণ ৷
মহোৎসৱত নাছিল কোনো ধৰণৰ নৌকা বিহাৰৰ ব্যৱস্থা হাতী চাফাৰিৰ বাবে নাছিল হাতী, ঘোঁৰা চালনাৰ বাবে এটা ঘোঁৰাও মজুত নাছিল মহোৎসৱস্থলীত ৷ ইয়াৰোপৰি কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, জনগোষ্ঠীয় কলা-কৃষ্টি প্ৰদৰ্শন বা থলুৱা খাদ্য সামগ্ৰী উপলব্ধ নাছিল এই ভোগালী মহোৎসৱত ৷ জানিব পৰা মতে, ১৩ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ তামৰঙা বিলৰ পাৰত আয়োজন কৰা হৈছিল তামৰঙা-দলনী ভোগালী মহোৎসৱৰ ৷ কিন্তু ১৬ জানুৱাৰীতহে আৰম্ভ হৈছিল এই মহোৎসৱ।