অসম

assam

ETV Bharat / state

বিজনীত মহকুমা প্ৰশাসনৰ আকস্মিক বজাৰ পৰিদৰ্শন - বিজনী মহকুমাৰ দণ্ডাধীশ বুবুল বৈশ্য

চিৰাং জিলাৰ বিজনীত মহকুমা প্ৰশাসনৰ আকস্মিক অভিযান। মাস্ক পৰিধান নকৰা ব্যক্তি আৰু বিজনী চহৰৰ দোকানসমূহত উপস্থিত বিজনী মহকুমা প্ৰশাসন ৷

প্ৰশাসনৰ নিয়মাৱলী উলংঘা বিজনীত
বিজনীত মহকুমা প্ৰশাসনৰ আকস্মিক বজাৰ পৰিদৰ্শন

By

Published : Jul 28, 2020, 7:19 PM IST

চিৰাং, 28 জুলাই :চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিজনী চহৰৰ বজাৰত প্ৰশাসনৰ আকস্মিক অভিযান । কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হোৱা স্বত্বেও একাংশ ব্যক্তি সচেতন নোহোৱা বাবে প্ৰশাসনে আকস্মিকভাৱে বজাৰত অভিযান চলায় । প্ৰশাসনে বলৱৎ কৰি দিয়া নিয়মাৱলীসমূহ বিজনী চহৰৰ জনগণই কোনো গুৰুত্ব নিদিয়া বহু সময়ত পৰিলক্ষিত হৈ আহিছে । আৰক্ষীৰ উপস্থিতিতহে মাস্ক পৰিধান কৰে এই লোকসকলে ৷

বিজনীত মহকুমা প্ৰশাসনৰ আকস্মিক বজাৰ পৰিদৰ্শন

দোকানৰ ভিতৰত কোনো সামাজিক দূৰত্ব বজাই নৰখাৰ লগতে চেনিটাইজাৰৰ ব্যৱহাৰো কৰা নহয় । তাৰ বাবে মঙলবাৰে অন্তিম বাৰৰ বাবে ব্যৱসায়ীসকলক বিজনী প্ৰশাসনৰ তৰফৰ পৰা সকিয়াই দিয়াৰ লগতে কেইবাখনো দোকান প্ৰশাসনে বন্ধ কৰি দিয়ে আৰু ইয়াৰ পাচত দোকানীসমূহে নিয়মাৱলী উলংঘা কৰিলে দোকান ছীল কৰি দিয়া হ'ব বুলি বিজনী মহকুমাৰ দণ্ডাধীশ বুবুল বৈশ্যই সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও বিজনী আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা বিজনী থানাৰ আৰক্ষী বিষয়া ৰূপক বৰা আৰু বিজনী মহকুমা প্ৰশাসনৰ দণ্ডাধীশ বুবুল বৈশ্যৰ লগতে বিজনী ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰয়ে কৰ'ণা সংক্ৰমন সম্বন্ধে সকলোকে সতৰ্ক কৰি দিছিল ৷ কিন্তু ইয়াৰ পাচতো দোকানীসকলে সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত নহ'ল ৷

লগতে পঢ়ক :বাঘজানৰ তৈল অভিযান অবৈধঃ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details