চিৰাং,১০ জুন :শেহতীয়াকৈ ম'বাইল গেম (Mobile Game) কিশোৰ তথা যুৱ প্ৰজন্মৰ মাজত ঘাতক ৰূপত দেখা দিছে । অভিভাৱকে ম'বাইল গেম খেলাত বাধা দিয়াৰ ফলত দেশ তথা অসমতো কেইবাটাও আত্মহত্যাৰ দৰে মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । এইবাৰ চিৰাং জিলাত সংঘটিত হ'ল অনুৰূপ ঘটনা । ম'বাইলত গেম খেলিব নোপোৱাৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ ৰুনিখাতাৰ মোৰেমবাৰী গাঁওৰ দশম শ্ৰেণীৰ ছাত্ৰৰ । ছাত্ৰজনে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল ।
দীৰ্ঘদিনৰ পৰা ম'বাইলৰ দুটাকৈ গেমৰ প্ৰতি আসক্তি বাঢ়িছিল ছাত্ৰজনৰ । স্থানীয় লোকে জানিবলৈ দিয়া মতে ম'বাইলত গেম খেলিব নোপোৱাৰ বাবে নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে । আনকি পৰিয়ালৰ লোক আৰু গাঁৱৰ লোকসকলে এই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ নিদিয়াকৈয়ে মৃতদেহ সৎকাৰ কৰাকলৈ চাঞ্চল্যই বিৰাজ কৰিছে । ইফালে এগৰাকী ছাত্ৰই এনেদৰে মৃত্যুক আঁকোৱালি লোৱাত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।