চিৰাং, 30 নৱেম্বৰ: ৰাজ্যৰ শিক্ষা বিভাগত সময়ে সময়ে আজৱ কাণ্ড সংঘটিত হৈ থাকে । তাৰ ব্যতিক্ৰম নহ’ল চিৰাং জিলাও। জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ হাইস্কুলত শেহতীয়াকৈ পোহৰলৈ আহিছে এক আজৱ ঘটনা। যি সময়ত চৰকাৰে গুণগত শিক্ষাৰ পোষকতা কৰিছে তেনে সময়ত চিৰাঙত প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই ফল ভুগিবলগীয়া হৈছে ৷ ভুক্তভোগী ছাত্ৰজন হৈছে দেউশ্ৰী মোহনপুৰৰ বাসিন্দা আমিন মুৰ্মুৰৰ পুত্ৰ পৱিত্ৰ মুৰ্মু ৷ ঘটনাৰ বিৱৰণী মতে, ছাত্ৰজনে ২০১৭ চনত শান্তিপুৰ হাইস্কুলত নামভৰ্তি কৰে । দশম শ্ৰেণীত বয়স কমৰ দোহাই দি প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰজনৰ নাম পঞ্জীয়ন নহয় বুলি কয় ৷ ফলত পৱিত্ৰ মুৰ্মুয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত হয়। পিছৰ বছৰতো প্ৰধান শিক্ষক ৰাম বাহাদুৰ ছেত্ৰীৰ হেমাহিৰ বাবে নাম পঞ্জীয়নৰ পৰা ছাত্ৰজন বঞ্চিত হয় ।
চিৰাঙত প্ৰধান শিক্ষকৰ হেমাহিৰ বলি দশম শ্ৰেণীৰ ছাত্ৰ - পঞ্জীয়ন
ৰাজ্যৰ শিক্ষা বিভাগত সময়ে সময়ে আজৱ কাণ্ড সংঘটিত হৈ থাকে,তাৰ ব্যতিক্ৰম নহ’ল চিৰাং জিলাতো,জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ হাইস্কুলত শেহতীয়াকৈ পোহৰলৈ আহিছে এক আজৱ ঘটনা,যি সময়ত চৰকাৰে গুণগত শিক্ষাৰ পোষকতা কৰিছে তেনে সময়ত চিৰাঙত প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই ফল ভুগিবলগীয়া হৈছে ৷
ইপিনে শিক্ষা বিভাগৰ নিয়ম অনুসৰি একেটা শ্ৰেণীতে আৰু দুবছৰ পঢ়িব লাগিব ছাত্ৰজনে ৷ অৰ্থাৎ দশম শ্ৰেণীতে চাৰি বছৰ পঢ়াৰ পিচত ২০২১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব পৱিত্ৰ মুৰ্মুয়ে। ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষকজনে গা এৰা মন্তব্যৰে নিজকে দোষমুক্ত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে চাওতাল ছাত্ৰ সন্থাই বিদ্যালয় সমূহৰ পৰিদৰ্শকজয়পাল সিং ব্ৰহ্মক সাক্ষাৎ কৰি উচ্চপৰ্যায়ৰ তদন্তৰ দাবী জনাইছে । বিষয়াজনে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷
লগতে চাওক:২০২০ বৰ্ষৰ ৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ ৰাজ্য চৰকাৰৰ