চিৰাং, 13 জুন: এখন বিদ্যালয়, য'ত পাঠদান কৰিবলৈ নাই শিক্ষক৷ এজন শিক্ষকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৷ চিৰাঙৰ গৰুভাষা হাইস্কুলৰ দৃশ্য এয়া ৷ য'ত আজি পুৱা ন বজাৰ পৰাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিবলগীয়া হৈছে শিক্ষক বিচাৰি ৷ বড়ো আৰু অসমীয়া দুটা মাধ্যমৰ বিদ্যালয়খনত 635 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ 14 জন ৷
শিক্ষক নাইঃ চিৰাঙত শিক্ষাৰ্থীৰ প্ৰতিবাদ - খাম্পা বৰগয়াৰী
এখন বিদ্যালয়, য'ত পাঠদান কৰিবলৈ নাই শিক্ষক৷ এজন শিক্ষকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৷
চিৰাঙত পাঠদানৰ বাবে শিক্ষক বিচাৰি ছাত্ৰ-ছাত্ৰীৰ আন্দোলন : নিৰ্বিকাৰ শিক্ষা বিভাগ
এইক্ষেত্ৰত শিক্ষাবিভাগেও পালন কৰিছে নিৰ্বিকাৰ ভুমিকা ৷ বিদ্যালয়খনত 11 জন শিক্ষকৰ পদ খালী হৈ আছে ৷ তদুপৰি চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া জগদীশ প্ৰসাদ ব্ৰহ্মই এক নিৰ্দেশনা যোগে বিদ্যালয়খনৰ দুজন শিক্ষকক বদলি কৰিছে৷ আৰু এজন শিক্ষক অতি কম সময়ৰ ভিতৰত বিএড কৰিবলৈ যাব৷ এনেই শিক্ষকৰ নাটনি, তাতে তিনিজন শিক্ষক কমি যোৱাত নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল৷ উল্লেখ্য যে বিজ্ঞান শিক্ষকৰ পদটো বহুদিনৰ পৰা খালী হৈ আছে বিদ্যালয়খনত৷