অসম

assam

ETV Bharat / state

ভোটাৰৰ সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট প্ৰদৰ্শন - ETV BHARAT

চিৰাঙৰ বিজনীত নিৰ্বাচনী আয়োগে সজাগতা সৃষ্টিৰ বাবে বাটৰ নাটৰ আয়োজন কৰে ৷ "ইলেক্টৰেল লিটাৰেচী ক্লাৱ"ৰ সৌজন্যত শংকৰদেৱৰ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে এই বাটৰ নাটত অংশগ্ৰহণ কৰে

STREET DRAMA

By

Published : Apr 6, 2019, 3:37 PM IST

চিৰাং, 6 এপ্ৰিলঃ বিজনী জিলা নিৰ্বাচন বিভাগৰ দ্বাৰা গঠিত "ইলেক্টৰেল লিটাৰেচী ক্লাৱ"এ চিৰাঙৰ বিজনীত ভোটাৰ সকলৰ সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট প্ৰদৰ্শন আয়োজন কৰে ৷ শনিবাৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৰফৰ পৰা এই বাটৰ নাট চাৰিটাকৈ স্থানত প্ৰদৰ্শন কৰা হয় ৷

STREET DRAMA

নিৰ্বাচনী আয়োগে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ জৰিয়তে কোনো এজন ভোটাৰৰ বহুমূলীয়া ভোট যাতে থাকি নাযায় তাৰ প্ৰতি সজাগতা সৃষ্টিৰ চেষ্টা চলাই ৷ সকলো ভোটাৰৰ অংশগ্ৰহণৰ জৰিয়তে দেশত এখন সুস্থ চৰকাৰ গঠন কৰাৰ চিন্তাৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে ৷

ABOUT THE AUTHOR

...view details