চিৰাং, 12 ফেব্ৰুৱাৰীঃচিৰাং জিলাত সজাগতাৰ অভাৱত ধোৱাচাঙত স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি "অটল অমৃত যোজনা" । বিগত ২০১৮ চনৰ এপ্ৰিল মাহতে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা আঁচনিখন চিৰাং জিলাত বৰ্তমানেও অৱহেলিত ।
ধোৱাচাঙত চিৰাঙৰ "অটল অমৃত যোজনা" - অটল অমৃত যোজনা
চিৰাঙত স্বাস্থ্য বিভাগৰ কন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনি "অটল অমৃত যোজনা" ধোৱাচাঙত । জিলাখনত এতিয়ালৈ মাত্ৰ ২১৩৮ জন ৰোগী পঞ্জিয়ন অটল অমৃত যোজনাত। সজাগতাৰ অভাৱত আঁচনিখনৰ সুবিধা গ্ৰহনৰ পৰা বঞ্জিত দৰিদ্ৰ ৰোগীসকল ।

ধোৱাচাঙত চিৰাঙৰ "অটল অমৃত যোজনা"
ধোৱাচাঙত চিৰাঙৰ "অটল অমৃত যোজনা"
সজাগতাৰ অভাৱত জিলা খনত এতিয়ালৈ মাত্ৰ ২১৩৮ গৰাকী হিতাধিকাৰীহে অটল অমৃত যোজনাত পঞ্জীয়ন কৰিলে যদিও কি কামত সেৱা ব্যৱহাৰ কৰে সেয়াও নাজানে । জিলাখনৰ সদৰ জেএচবি অসামৰিক চিকিৎসালয়ত এই অটল অমৃত যোজনাৰ এটা কাউন্টাৰ আছে যদিও উপলব্ধ হৈ উঠা নাই চিকিৎসাৰ কোনো ব্যৱস্থা । ৰোগী আহিলেই প্ৰেৰণ কৰে বাহিৰলৈ। অমৃত ফাৰ্মাচী এখন আছে যদিও সেয়া বন্ধ হৈ থকা দেখিবলৈ পোৱা যায় ।
ধোৱাচাঙত চিৰাঙৰ "অটল অমৃত যোজনা"