চিৰাং,19 ছেপ্তেম্বৰঃ শনিবাৰে চিৰাঙৰ দুখনকৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৷ শনিবাৰে পুৱা ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মৰ হৈ ১নং বিষ্ণুপুৰত প্ৰচাৰ সভাত অংশ লয় মন্ত্ৰী পীযুষ হাজৰিকাই ৷ ইয়াৰ পিছতে ১৯ নং থুৰিবাৰী(মুকলি) বিটিচি পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী অভিৰাম মহানায়কৰ হৈ উলুবাৰীৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, বিগত সময়ছোৱাত বিপিএফৰ শাসন কালত বিটিচিত অগাধ দুৰ্নীতি সংঘটিত হৈছে ৷ যাৰ বাবে বিচিটিৰ ভিতৰুৱা অঞ্চলসমূহ এতিয়াও অনুন্নত হৈয়ে আছে ৷
আনহাতে,কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত তেখেতে কয় কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাই বিজেপিক শংকিত কৰা নাই যদিও ই সকলো অসমীয়া লোকৰে স্বাভিমানক আঘাত কৰিছে ৷ এআইইউডিএফ এক সাম্প্ৰদায়িক দল আৰু বদৰুদ্দিন আজমলে অসমৰ পৰা অসমীয়াৰ চিহ্ন নাইকিয়া কৰিব বিচাৰে ৷ সেয়েহে আমি নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি হিন্দু বাংলাদেশী লোকসকলক নাগৰিকত্ব দিবলগীয়া হ’ল ৷ কাৰণ আমি অসমীয়া বঙালী ভাই সকলে মিলি অসম ৰক্ষা কৰিব লাগিব ৷