অসম

assam

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Nov 28, 2019, 8:21 PM IST

টাটা মেজিক আৰু পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন লোকৰ থিতাতে মৃত্যু হয় ৷ লগতে আন এজন লোক গুৰুতৰভাৱে আহত যদিও এতিয়ালৈ চিনাক্ত হোৱা নাই ৷ ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আহত লোকজনক ৷

ETV BHARAT
চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজন লোকৰ, গুৰুতৰভাৱে আহত এক

চিৰাং, 28 নৱেম্বৰঃ চিৰাঙৰ বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন লোক । দুৰ্ঘটনাক লৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি সৃষ্টি ৷

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজন লোকৰ, গুৰুতৰভাৱে আহত এক

চিৰাঙৰ বিজনীৰ মৌতাৰাত সংঘটিত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত হয় এজন লোক । নিহত লোকজন বঙাইগাওঁ জিলাৰ দহলাপাৰাস্থিত চিন্টু ৰায় বুলি চিনাক্ত কৰা হৈছে । AS-15C-9455 নম্বৰৰ টাটা মেজিকৰ সৈতে দ্ৰুত বেগী AS-19-M-8551 নম্বৰৰ Bajaj Palsur ৰ মুখামুখি সংঘৰ্ষ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পিচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইতিমধ্যে আহত লোকজনক বিজনীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও এতিয়ালৈ লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।

ABOUT THE AUTHOR

...view details