বঙাইগাঁও, 16 ফেব্ৰুৱাৰীঃ বঙাইগাৱঁৰ দূৰ্গামাৰীত হত্যাকাণ্ড ৷ পুত্ৰই হত্যা কৰিলে পিতৃক ৷ চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে নবাব আলী(60) নামৰ লোক জনক ৷ পিতৃক হত্যা কৰি থানাত আত্মসমৰ্পন কৰাৰ পাচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুত্ৰ আলী হুছেইনক ৷
উল্লেখ্য যে, আলী হুছেইন নামৰ ব্যক্তিগৰাকীয়ে দেওবাৰে পুৱা খেতি পথাৰৰ পৰা ঘৰলৈ আহি থকা পথত আগভেটি ধৰি হত্যা কৰে নিজৰ পিতৃক ৷ বিদ্যাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল মৃত ব্যাক্তিজন । কংগ্ৰেছৰ বৰ্ষীয়ান কৰ্মীৰ লগতে সমাজকৰ্মী আছিল পুত্ৰ হাতত মৃত্যু হোৱা নবাব আলী ।