চিৰাং, 26 এপ্ৰিল :দেশৰ লগতে ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্তৰ সংখ্যা ৷ এই প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ ফালৰ পৰা একাধিক নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও ৰাজ্যৰ একাংশ লোকৰ মাজত এতিয়াও সজাগতা অভাৱ দেখা গৈছে ৷ কিয়নো এই নীতি-নিৰ্দেশনাক কেন্দ্ৰ কৰিয়ে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা যায় ৷
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদৰ নেতৃত্বত ক'ভিড সংক্ৰান্তীয় এক সজাগতা অভিযান চলোৱাৰ লগতে ক'ভিড প্ৰ'টকল ৰূপায়নৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ সন্ধিয়া ৬ বজাত বজাৰ বন্ধ নকৰা আৰু মুখত মাস্ক ব্যৱহাৰ নকৰা লোকক জৰিমনা বিহা হৈছিল ৷ লগতে মটৰ চাইকেলৰ গৰাকীৰ নথি পৰীক্ষা কৰি নতি বিহীন লোকক জৰিমনা বিহা হৈছিল ৷
বেংতল আৰক্ষী চকীৰ এই পদক্ষেপক সহজভাৱে লোৱা নাছিল একাংশ অসচেতন লোকে ৷ যাৰ ফলস্বৰূপে বেংতল বজাৰত কৰ্তব্যৰত আৰক্ষী বিষয়া হাইদৰ আলী আহমেদক একাংশ লোকে আক্ৰমণ কৰে। এই সমগ্ৰ ঘটনাটো ফেচবুক লাইভৰ জৰিয়তে প্ৰকাশ কৰিছিল আন একাংশ লোকে ৷ ইয়াৰ পাচতে সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে এক চাঞ্চল্য সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলটোত ৷