চিৰাং, 6 মে':কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনী বিধানসভাৰ ৩৩ আৰু ৩৪নং ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ২৩ মে'ত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই ইভিএমৰ মকপোল সমূহ ডিলিট নকৰাকৈয়ে ভোটগ্ৰহণ কৰাৰ ফলত ৰাতিপুৱা ১১ বজাৰ পৰা বন্ধ কৰিব লগা হৈছিল ভোটগ্ৰহণ । সেইদিনটোতেই বিজনী মহকুমাধিপতি আৰু নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিব বিচাৰিছিল যদিও বৰপথাৰৰ ভোটাৰ সকলে মানি লোৱা নাছিল এই সিদ্ধান্ত।
বিজনীত আৰম্ভ হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া - পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
৩৩ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ৬০০ জন ভোটাৰ থকাৰ বিপৰীতে ৩৪ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ৫৮২ গৰাকী ভোটাৰে কৰিব ভোটদান ৷
বিজনীত আৰম্ভ হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
তাৰ পিচতেই ৰাইজৰ দাবীত নিৰ্বাচন আয়োগে কেন্দ্ৰ দুটাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, আজি অনুষ্ঠিত হ'বলগীয়া ৩৩নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ৬০০ জন ভোটাৰ থকাৰ বিপৰীতে ৩৪ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আছে ৫৮২ জনকৈ ভোটাৰ।