অসম

assam

ETV Bharat / state

ধন লুটঃ বঙাইগাঁও আৰু চিৰাঙত একেদিনাই - SBI

দুপৰীয়া বঙাইগাঁও চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা দুই লাখ টকা উলিয়াই অনাৰ অৱস্থাত বঙাইগাঁও ফ্লাই অভাৰত বিদ্যাপুৰৰ বাসিন্দা সহৰ আলীৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ যায় ধনখিনি । একেদৰে সমীপৱৰ্তী চিৰাং জিলাৰ ঢালিগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা ১ লাখ ২০ হেজাৰ টকা লৈ উভতা সাহিদা খাতুন নামৰ মহিলাগৰাকীৰ পৰা দুৰ্বৃত্তই কাঢ়ি লয় টকাখিনি ।

বঙাইগাঁও-চিৰাঙত পৃথকে পৃথকে ডকাইতিকাণ্ড

By

Published : May 21, 2019, 8:48 PM IST

চিৰাং,২১ মে' : মঙলবাৰে বঙাইগাঁও-চিৰাঙত পৃথকে পৃথকে সংঘটিত হয় ধন লুটৰ দুটা ঘটনা । দুপৰীয়া বঙাইগাঁও চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা দুই লাখ টকা উলিয়াই অনাৰ অৱস্থাত বঙাইগাঁও ফ্লাই অভাৰত বিদ্যাপুৰৰ বাসিন্দা সহৰ আলীৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ যায় ধনখিনি । তাৰ পাছতে বঙাইগাঁও থানাত গোচৰ দিয়ে সহৰ আলীয়ে । একেদৰে সমীপৱৰ্তী চিৰাং জিলাৰ ঢালিগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা ১ লাখ ২০ হেজাৰ টকা লৈ উভতা সাহিদা খাতুন নামৰ মহিলাগৰাকীৰ পৰা দুৰ্বৃত্তই কাঢ়ি লয় টকাখিনি ।

বঙাইগাঁও-চিৰাঙত পৃথকে পৃথকে ডকাইতিকাণ্ড

বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱৰ বাসিন্দা সাহিদা খাতুনে ঘৰুৱা কামৰ বাবে বেংকৰ পৰা উলিয়াইছিল টকাখিনি । মহিলাগৰাকীৰ পৰা ধন লুটৰ দৃশ্য বন্দী হৈ ৰয় চিচি টিভি কেমেৰাত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

ABOUT THE AUTHOR

...view details