চিৰাং, 21 মে': চিৰাঙৰ বাসুগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী৷ বাসুগাঁও আঞ্চলিক আছুৰ শ্বহীদ বেদী আৰু নাম ফলকত কলা ৰং সনা দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদতে সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে হাতত লয় বিক্ষোভ কাৰ্যসূচীৰ ৷ উল্লেখ্য যে, 12 মে'ৰ নিশা বাসুগাওঁ আঞ্চলিক সমিতি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ক'লা ৰং সানিছিল কোনো দুৰ্বৃত্তই ৷
বাসুগাঁও কাণ্ডঃ দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত আছুৰ বিক্ষোভ - আছুৰ বিক্ষোভ
12 মে'ৰ নিশা বাসুগাওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ক'লা ৰং সনা কাৰ্যসূচীত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাক লৈ আছুৰ বিক্ষোভ প্ৰদৰ্শন ৷ প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ
দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত বাসুগাঁও আছুৰ বিক্ষোভ
উক্ত ঘটনাৰ পিচতে জিলা প্ৰশাসনে সোধ-পোচৰ বাবে আটক কৰিছিল তিনিজনক । কিন্তু প্ৰশাসনে নিৰৱ ভূমিকা পালন কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ৰ ৷ তেওঁৰ স্পষ্ট মত শ্বহীদৰ আত্মাৰে হেতালি খেলিবলৈ দিয়া নহ'ব । বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিৰাং জিলা সূত্ৰধৰ ছাত্ৰ সন্থা, মহিলা সমিতি,এবছু আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ৷