অসম

assam

ETV Bharat / state

২০২০ চনত হাগ্ৰামাৰ একনায়কত্ববাদৰ অৱসান ঘটিবঃ নৱ কুমাৰ শৰণীয়া - বিটিচি পৰিষদ

চিৰাঙত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ২০২০ চনত বিটিচি পৰিষদত নৱ শৰণীয়াৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ বিটিচিত চৰকাৰ গঠন কৰিব পাৰিলে বিটিচিৰ অনাবড়ো ৰাইজৰ সকলো সমস্যা নাইকিয়া হ'ব বুলিও মত প্ৰকাশ কৰে সাংসদগৰাকীয়ে

চিৰাঙৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ

By

Published : Jun 12, 2019, 9:43 PM IST

চিৰাং, 12 জুনঃ দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত চিৰাঙৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেওঁশ্ৰী, নাগদলবাৰী আৰু ভূটীয়া পাৰাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰে সাংসদ গৰাকীয়ে ৷ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ২০২০ চনত বিটিচি পৰিষদত নৱ শৰণীয়াৰ চৰকাৰ হ'ব বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

চিৰাঙৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ

লগতে তেওঁ উল্লেখ কৰে যে, হাগ্ৰামাৰ চৰকাৰ থকালৈকে বিটিচিৰ অবড়ো ৰাইজে মাটিৰ পট্টা, চৰকাৰী চাকৰি আৰু সম-অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব লাগিব । গতিকে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ চৰকাৰক বিদায় দি শৰণীয়াক চৰকাৰ গঠনত সহায় কৰা প্ৰয়োজন বুলিও উল্লেখ সাংসদ গৰাকীৰ । বিটিচিত চৰকাৰ গঠন কৰিব পাৰিলে বিটিচিৰ অনাবড়ো ৰাইজৰ সকলো সমস্যা নাইকিয়া হ'ব বুলি স্পষ্ট ভাৱে মত প্ৰকাশ কৰে সাংসদ শৰণীয়াই ।
লগতে পঢ়কঃ ছয়গাঁও কাণ্ড : প্ৰাক্তন বিধায়ক কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে

ABOUT THE AUTHOR

...view details