অসম

assam

By

Published : Mar 24, 2019, 8:03 PM IST

ETV Bharat / state

চিৰাঙত বিশ্ব যক্ষ্মা দিৱস উদযাপন

গাঁৱে-ভূঞে যক্ষ্মা ৰোগী সকলক সজাগ কৰি চৰকাৰী ভাৱে চিকিৎসা প্ৰদান কৰি যক্ষ্মা মুক্ত দেশ গঢ়া লক্ষ্যৰে যক্ষ্মা ফ'ৰামে যক্ষ্মা দিৱস উদযাপন কৰে

চিৰাং জে এচ বি চিকিৎসালয়ত যক্ষ্মা দিৱস উদযাপন

চিৰাং, ২৪ মাৰ্চঃ চিৰাঙৰ কাজলগাঁও স্থিত জে এচ বি অসামৰিক চিকিৎসালয়ত জিলা যক্ষ্মা ফ'ৰামৰ (আৰ এন টি চি) উদ্যোগতবিশ্ব যক্ষ্মা দিৱস উদযাপন । জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে যক্ষ্মা দিৱসৰ কাৰ্যসূচী ।

যক্ষ্মা দিৱসৰ লগত সংগতি ৰাখি বিশাল সজাগতা শোভাযাত্ৰাৰ আয়োজন কৰেউদযাপন সমিতিয়ে। সজাগতা শোভাযাত্ৰাত জিলাখনৰ বিলাসপুৰ মানছুৰীয়া হাই মাদ্ৰাছাৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বাস্থ‍্য মিছনৰ কৰ্মকৰ্তা, বিভিন্ন বেচৰকাৰী সংস্থা, সেচ্চাসেৱী সংগঠনৰ কৰ্মকৰ্তাই অংশগ্ৰহণকৰে । শোভাযাত্ৰাৰ অন্তত জে এচ বি অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ সভাপতিত্বত এক সজাগতা সভা অনুষ্ঠিত হয় । গাঁৱে-ভূঞেযক্ষ্মা ৰোগী সকলক সজাগ কৰি চৰকাৰী ভাৱে চিকিৎসা প্ৰদান কৰি যক্ষ্মা মুক্ত দেশ গঢ়া লক্ষ্যৰে যক্ষ্মা ফ'ৰামেযক্ষ্মা দিৱস উদযাপন কৰে । লগতে সভাত যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ সেৱাৰ বাবে পাঁচজন লোকক সম্বৰ্ধনা জনাইফ'ৰামটোৱে।

চিৰাং জে এচ বি চিকিৎসালয়ত যক্ষ্মা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details