বিজনী, 29 ফেব্ৰুৱাৰীঃআজি চিৰাং জিলাৰ বিজনীৰ বড় কালীবাৰীত অনুষ্ঠিত হয় সদৌ অসম বঙালী পৰিষদৰ চিৰাং জিলা তথা আঞ্চলিক তৃতীয় বাৰ্ষিক অধিৱেশন ৷ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বঙালী পৰিষদৰ পৰিষদৰ ৰাজ্যিক সভাপতি সান্তনু সান্যাল আৰু হোজাই বিধান সভা সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ ৷ পৰিষদৰ চিৰাং জিলা সভাপতি উত্তম কুমাৰ তৰফদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়ক শিলাদিত্য দেৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত্ৰ মুছলমান সকলেহে আন্দোলন কৰিছে বুলি কোৱাৰ লগতে, অসমীয়া আৰু বঙালী সকলৰ মাজত মুছলমান সকলে বিভেদ সৃষ্টিৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে ৷
চিৰাঙত সদৌ অসম বঙালী পৰিষদৰ তৃতীয় বাৰ্ষিক অধিৱেশন
সদৌ অসম বঙালী পৰিষদৰ চিৰাং জিলা তথা আঞ্চলিক তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় চিৰাঙৰ বিজনীৰ বড় কালীবাৰীত ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বঙালী পৰিষদৰ পৰিষদৰ ৰাজ্যিক সভাপতি সান্তনু সান্যাল আৰু হোজাই বিধান সভা সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ ৷
তৃতীয় বাৰ্ষিক অধিৱেশন
লগতে পঢ়কঃ