চিৰাং, 20 ফেব্ৰুৱাৰী:চৰকাৰক প্ৰতাৰণা বন্ধ কৰাৰ আহ্বান জনাই শনিবাৰে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে প্ৰায় শতাধিক শিক্ষকে চিৰাং আৰু বঙাইগাঁৱৰ শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে কাজলগাঁও আৰু বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ দাবী উত্থাপন কৰে ৷ কাজলগাঁও আৰু বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষা সন্মিলনীয়েও বঙাইগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷