অসম

assam

ETV Bharat / state

চিৰাঙত মূগা বিপ্লৱৰ সূচনা - চিৰাঙত ক্ষুদ্ৰ ব্যৱসায়ীৰ ৰেচম খেতি

চিৰাঙৰ ক্ষুদ্ৰ ব্যৱসায়ী দিৰেন বসুমতাৰীয়ে ৰেচম খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ৷ এই ক্ষেত্ৰত বসুমতাৰীক সহায়ৰ হাত আগবঢ়াইছে বিটিচি ৰেচম বিভাগৰ অন্তৰ্গত চিৰাং জিলা ৰেচম বিভাগে ৷

ক্ষুদ্ৰ ব্যৱসায়ী দিৰেন বসুমতাৰীৰ স্বাৱলম্বীতাৰ নিদৰ্শন
চিৰাঙত মূগা বিপ্লৱ

By

Published : Dec 27, 2019, 6:18 PM IST

চিৰাং, 27 ডিচেম্বৰ : চিৰাঙত ৰেচম খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে জিলাখনৰ বেংতল ডুমগাঁৱৰ বাসিন্দা তথা ক্ষুদ্ৰ ব্যৱসায়ী দিৰেন বসুমতাৰীয়ে ৷ প্ৰায় 19 বছৰৰ পৰা ৰেচমৰ ব্যৱসায় কৰাৰ লগতে বহু সংখ্যক শ্ৰমিককো সংস্থাপন দিছে ব্যৱসায়ীজনে ৷ এই ক্ষেত্ৰত বসুমতাৰীক সহায়ৰ হাত আগবঢ়াইছে বিটিচি ৰেচম বিভাগৰ অন্তৰ্গত চিৰাং জিলা ৰেচম বিভাগে ৷

চিৰাঙত মূগা বিপ্লৱ
চিৰাঙত মূগা বিপ্লৱ

উল্লেখ্য যে, মেঘালয়ৰ বিভিন্ন ঠাইৰ পৰা প্ৰতি কিল'গ্ৰামত দহৰ পৰা বাৰ হেজাৰ টকাকৈ মুগাৰ কণী কিনি সোম গছত লালন পালন কৰে বসুমতাৰীয়ে ৷ মুগা পলুবোৰ প্ৰাপ্তবয়স্ক হোৱাৰ পাচত মুগাৰ কোকনৰ পৰা মুগাৰ সুতা উৎপাদন কৰা হয় ৷ এক কেজি মুগা পলুৰ কণীৰ পৰা ষাঠী/সত্তৰ হেজাৰ মুগা পলুৰ বাহ উৎপাদন কৰা হয় বুলি জানিবলৈ দিয়ে বসুমতাৰীয়ে ৷ ভাল পাঁচ/ছহেজাৰ কোকনৰ পৰা এক কেজি মুগাৰ সুতা উৎপাদন হয় ৷ এই মুগাৰ কোকনবোৰ ৩ টকাৰ পৰা ৫ টকাকৈ বিক্ৰী কৰা হয় ৷ একো একোজন সফল ব্যৱসায়ীয়ে বছৰেকত গড়ে চাৰি/পাঁচ লাখ টকা অনায়াসে উপাৰ্জন কৰিবলৈ সক্ষম হয় বুলি জনাই বসুমতাৰীয়ে ৷ প্ৰায় ৭.১ হেক্টৰ মাটিত ১৯৮৭-৮৮ চনত স্থাপিত হৈছিল এই কেন্দ্ৰটো ৷

চিৰাঙত মূগা বিপ্লৱ
চিৰাঙত মূগা বিপ্লৱ

আৰু পঢ়ক : কোকৰাঝাৰত কে এল অৰ শ্বহীদ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details