চিৰাং,28 মাৰ্চ : চিৰাঙৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলত ছাত্ৰৰ মাজত সংঘাত ৷ সপ্তম শ্ৰেণীৰ 12 জনকৈ ছাত্ৰক তিনি ঘন্টা ধৰি মাৰপিট কৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰই ৷
জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলত ছাত্ৰক মাৰধৰ জ্যেষ্ঠ ছাত্ৰৰ - চিৰাং
একাদশ/দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকলে ছিগাৰেট খোৱা কথা শিক্ষকক কৈ দিয়াৰ সন্দেহতে বেয়াকৈ মাৰপিট কৰে সপ্তম শ্ৰেণীৰ 12 জন ছাত্ৰ ক্ৰমে ৰিয়াজ চৰকাৰ, আশিক আফ্ৰিদি,ছনু স্বৰ্গীয়াৰী,ববিদুল ইচলাম,মিন্টু ব্ৰহ্ম,ৰিজুমনি ভৌমিক,ইলিয়াচ আলী সেখ,দ্বিপৰাজ ৰয়,জনছন হাজোৱাৰী,ৰাজিভ চৰকাৰ, অংকুৰ মৈত্ৰি, আৰু ছলিড বসুমতাৰীক ।
একাদশ/দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকলে ছিগাৰেট খোৱা কথা শিক্ষকক কৈ দিয়াৰ সন্দেহতে বেয়াকৈ মাৰপিট কৰে সপ্তম শ্ৰেণীৰ 12 জন ছাত্ৰ ক্ৰমে ৰিয়াজ চৰকাৰ, আশিক আফ্ৰিদি,ছনু স্বৰ্গীয়াৰী,ববিদুল ইচলাম,মিন্টু ব্ৰহ্ম,ৰিজুমনি ভৌমিক,ইলিয়াচ আলী সেখ,দ্বিপৰাজ ৰয়,জনছন হাজোৱাৰী,ৰাজিভ চৰকাৰ, অংকুৰ মৈত্ৰি, আৰু ছলিড বসুমতাৰীক । পৰীক্ষা চলি থকাৰ মাজতে যোৱা দেওবাৰে সংঘটিত হয় এই ঘটনা । লগে লগে কেইজনমান অভিভাৱকে আহি নিজৰ সন্তানক ভৰ্ত্তি কৰায় চিকিৎসালয়ত ।
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এই জৱাহৰ নৱোদয় বিদ্যালয়ত মাজে মাজে সংঘটিত হৈ আহিছে এনেধৰণৰ ঘটনা ৷ উল্লেখ্য যে,বাসুগাঁৱৰ ৰঞ্চাইধামত থকা জৱাহৰ নৱোদয় বিদ্যালয়ত বিগত বৰ্ষত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যুও হৈছিল । কিন্তু তাৰপাচতো গুৰুত্ব নাই বিদ্যালয় কৰ্তৃপক্ষৰ ।