অসম

assam

ETV Bharat / state

চিৰাঙত বানত আৱদ্ধ ৩৩ জনক উদ্ধাৰ এচডিআৰএফ বাহিনীৰ - চিৰাঙত বানত আৱদ্ধ ৩৩ জনক উদ্ধাৰ এচডিআৰএফ বাহিনীৰ

অপৰিৱৰ্তিত হৈ আছে চিৰাঙৰ বান পৰিস্থিতি। হঠাতেই বাঢ়ি আহা নদীৰ পানীয়ে প্লাৱিত কৰে বিস্তৃৰ্ণ অঞ্চল । বানপানীক লৈ উদ্বিগ্ন জিলা প্ৰশাসন ।

বানত আবদ্ধ ৩৩ জন লোকক উদ্ধাৰ চিৰাং জিলা প্ৰশাসনৰ
বানত আবদ্ধ ৩৩ জন লোকক উদ্ধাৰ চিৰাং জিলা প্ৰশাসনৰ

By

Published : Jul 12, 2020, 10:24 PM IST

চিৰাং, 12 জুলাইঃ দেওবাৰৰ দিনটোতো অপৰিৱৰ্তিত হৈ আছে চিৰাং জিলাৰ বান পৰিস্থিতি। ভূটানৰ পৰা নামি অহা মাক্ৰা নদীৰ পানী ফেনে ফোটোকাৰে বাঢ়িয়েই আহে । নিশা প্ৰায় ডেৰ বজাত কালামাটিৰ পৰা অহা পানীয়ে বুৰাই পেলাই বহুকেইটা অঞ্চল ৷

অপৰিৱৰ্তিত হৈ আছে চিৰাঙৰ বান পৰিস্থিতি

ইপিনে ২ নং টাঙাবাৰী দৈসুমগুৰীত আৱদ্ধ হৈ পৰা ৭ টা পৰিয়ালৰ ৩৩ জন লোকক চিৰাং জিলা প্ৰশাসনৰ তৎপৰতাত এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে । তাৰ পিচতে টাঙাবাৰী প্ৰাথমিক বিদ‍্যালয়ত শিৱিৰ পাতি তেওঁলোকক থকাৰ ব‍্যৱস্থা কৰি দিয়ে ।

চিৰাঙত বানত আৱদ্ধ ৩৩ জনক উদ্ধাৰ এচডিআৰএফ বাহিনীৰ
চিৰাঙত বানত আৱদ্ধ ৩৩ জনক উদ্ধাৰ এচডিআৰএফ বাহিনীৰ

উল্লেখ্য যে, এই বানৰ ফলত মৎসপালক সকলো অধিক লোকচানৰ সন্মুখীন হৈছে কিয়নো বানত বহু মাছ পুখুৰীৰ পৰা ওলাই গৈছে ৷

চিৰাঙৰ বান পৰিস্থিতি
অপৰিৱৰ্তিত হৈ আছে চিৰাং জিলাৰ বান পৰিস্থিতি

চিৰাং জিলাৰ ইতিমধ্যে কেবাটাও স্থানত বানপানীয়ে পথ খহাই নিয়াৰ লগতে কালভাৰ্ট, দলং আদি উটুৱাই নিছে । মন্ত্ৰী চন্দন ব্ৰহ্মই জিলাখনৰ বান পৰিস্থিতিৰ বুজলৈছে সঘনাই । সকলো ঠাইত পৰ্য‍্যাপ্ত পৰিমানে ৰেচন দিয়াৰ নিৰ্দেশনা দিছে মন্ত্ৰী জনে । অৱশ‍্যে ঠায়ে ঠায়ে এতিয়াও জিলা প্ৰশাসনৰ ৰেচন নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ।

অপৰিৱৰ্তিত হৈ আছে চিৰাং জিলাৰ বান পৰিস্থিতি

লগতে পঢ়কঃচিকিৎসকৰ ঘৰত হোম কোৱাৰেণ্টাইন ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰ

ABOUT THE AUTHOR

...view details