চিৰাং,11 জুলাই : আইনদীৰ বানত বিধস্ত চিৰাং আৰু বঙাইগাঁও জিলা । শনিবাৰে বিয়লি আই নদীৰ জলপৃষ্ঠ অত্যাধিক বৃদ্ধি পোৱাৰ ফলত বিজনীৰ নিকটৱৰ্তী দুয়োখন জিলাৰ ক্ৰমে কাচদহা,জামদহা,জাৰাগুৰি,নদীয়াপাৰ আদি কেইবাখনো গাঁৱত এচ ডি আৰ এফে উদ্ধাৰ অভিযান চলাবলগীয়া হয় । সঘনাই এই বানপিড়িত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত লয় মন্ত্ৰী চন্দন ব্ৰহ্মই । বঙাইগাঁও জিলা প্ৰশাসনে প্ৰয়োজনীয় সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে বন্যাৰ্তসকলে।
চিৰাং আৰু বঙাইগাঁৱত বন্যাৰ্তক উদ্ধাৰ এছডিআৰএফ বাহিনীৰ - flood victims
চিৰাং-বঙাইগাঁও দুয়ো জিলাৰ বান পৰিস্থিতি অধিক শোচনীয় । এচডিআৰএফে উদ্ধাৰ অভিযান চলাবলগীয়া হৈছে বিজনী নদীয়াপাৰ,কাচদহা আৰু জিমদোহা গাঁৱত ।
assam flood
দুয়োখন জিলাৰ বানপৰিস্থিতিক লৈ উদ্দিগ্ন হৈ পৰিছে বন্যাৰ্ত সাধাৰণ লোক । বিজনীৰ নিকটৱৰ্তী এই সমূহ গাঁও বিগত ২৫/২৬ দিনৰ পৰাই বানত আক্ৰান্ত হৈ থকাৰ পিচতো বঙাইগাঁও জিলাপ্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । চিৰাং জিলা প্ৰশাসনৰ পৰাও কিছু কিছু ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে যদিও মন্ত্ৰী চন্দন ব্ৰহ্মৰ হেঁচাত কিছু তৎপৰ হৈছে চিৰাং জিলা প্ৰশাসন।
লগতে পঢ়ক :ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে