চিৰাং, 16 চেপ্তেম্বৰ :চিৰাঙত যোৱা এবছৰে শিক্ষক বিহীনভাৱে চলি আছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় । ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা ক্লাষ্টাৰৰ অন্তৰ্গত ৰুনিখাতা ক্লাষ্টাৰৰ অন্তৰ্গত হুন্তাপাৰা প্ৰাথমিক বিদ্যালয়ত বড়োমাধ্যমৰ অসমীয়া নজনা এজন শিক্ষকে চলাইছে পাঠদান ৷ বড়ো মাধ্যমৰ ১২ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক আৰু অসমীয়া মাধ্যমৰ ২৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে যোৱা ২০১৮ চনৰ আগষ্ট মাহৰ পৰাই বিদ্যালয়খনত নাই কোনো শিক্ষক৷ প্ৰাথমিক বিদ্যালয়খনত অসমীয়া লিখিব-পঢ়িব নোৱাৰা বড়োমাধ্যমৰ শিক্ষকেই মাজে সময়ে পাঠদান কৰে ।
চিৰাঙত এখন অসমীয়া বিদ্যালয় বিগত এবছৰে নাই কোনো শিক্ষক ! - চিৰাঙ
চিৰাঙত যোৱা এবছৰে শিক্ষক বিহীনভাৱে চলি আছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় । ২৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰিতে যোৱা ২০১৮ চনৰ আগষ্ট মাহৰ পৰাই বিদ্যালয়খনত নাই কোনো শিক্ষক৷ খবৰ নাই শিক্ষা বিভাগৰ ৷
চিৰাঙত এখন অসমীয়া বিদ্যালয় বিগত এবছৰে নাই কোনো শিক্ষক !
এই কাৰ্যই পুনৰ প্ৰমাণিত কৰিলে ৰাজ্যৰ শিক্ষা বিভাগৰ পৰিৱৰ্তন তথা উন্নয়নৰ নমুনা । এবছৰৰ পৰা শিক্ষক নথকা অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে কিদৰে পাঠদান কৰিছে তাৰ কোনো খবৰ লোৱা নাই খোদ শিক্ষা বিভাগৰে বিষয়া-কৰ্মচাৰী সকলৰ ৷