চিৰাং, 6 মে': চিৰাং জিলাৰ কাজলগাঁও পৌৰ সভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ ১ নং ছাপাগুৰিত চৰকাৰী সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানত ব্যাপক অনিয়মৰ অভিযোগ । বনমালী সৰকাৰ নামৰ লোকজনৰ সুলভ মূল্যৰ দোকানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । অভিযোগ অনুসৰি ৰেচন কাৰ্ড থকা লোকসকলৰ পৰিয়ালৰ যদি 5 গৰাকী সদস্যৰ নামত কাৰ্ড আছে, তেন্তে তাৰে দুগৰাকীকহে প্ৰদান কৰিছে ৰেচন । কিন্তু ইয়াৰ বিপৰীতে লোকগৰাকীয়ে 5 জন সদস্যৰ নামতে ৰেচন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে ।
চিৰাঙত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ - অনিয়ম
চৰকাৰী সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানত ব্যাপক অনিয়মৰ অভিযোগ, চিৰাং জিলাৰ কাজলগাঁও পৌৰ সভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ ১ নং ছাপাগুৰিত ।

scam in ration disribution at chirang
চিৰাঙত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ
দৰিদ্ৰৰ ৰেচন বিতৰণত হোৱা এই দুৰ্নীতিৰ তথ্য পোহৰলৈ আনে ছাপাগুৰী শাখা সমিতি আক্ৰাছুৰ বিষয়ববীয়া সকলে । এই অভিযোগৰ ভিত্তিত ইতিমধ্যে সুলভ মূল্যৰ দোকানী গৰাকীৰ বিৰুদ্ধে বিভাগীয় অভিযোগ দিয়াৰ লগতে, জিলা উপায়ুক্তকো অভিযোগ আৰু এজাহাৰ দিয়াৰ বিষয়ে উল্লেখ কৰে অৰবিন্দ বৰুৱা নামৰ আক্ৰাছু কৰ্মী গৰাকীয়ে ।
লগতে পঢ়কঃকঠিয়াতলীৰ নেপালী খুঁটিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ