অসম

assam

By

Published : Oct 22, 2020, 12:36 PM IST

ETV Bharat / state

চৰকাৰী আঁচনিত দুৰ্নীতিৰ বিৰোধিতা কৰি আটক দুই যুৱক

বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিৰ কামৰ ৰূপায়নত নিম্নমানৰ কাম । পঞ্চায়তত ভেণ্ডৰে অতি নিম্নমানৰ কাম কৰাৰ বিৰোধ কৰাৰ বাবে দুই যুৱকৰ বিৰুদ্ধে এজাহাৰ ৷ জেললৈ প্ৰেৰণ ৷

চৰকাৰী আঁচনিত দুৰ্নীতিৰ বিৰোধিতা কৰি আটক দুই যুৱক
নৰ্থ বইটামাৰী গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিত দুৰ্নীতি

চিৰাং, 22 অক্টোবৰ : বঙাইগাঁও জিলাৰ ডাংতল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ নৰ্থ বইটামাৰী গাঁও পঞ্চায়তত চলিছে চৰম অৰাজকতা ৷ পঞ্চায়তখনৰ প্ৰতিনিধি, সচিব আৰু অভিযন্তাই দুজন ভেণ্ডৰৰ লগত মিলি এফালৰ পৰা লুটপাত আৰম্ভ কৰিছে ৷ পঞ্চায়তখনত প্ৰতিটো কামেই অতি নিম্ন মানৰ কাম কৰি এফালৰ পৰা সৰকাই গৈছে চৰকাৰী ধন ৷ বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা খাতুন আৰু ডাংতল খণ্ড উন্নয়ন বিষয়া কিশোৰ কলিতাৰ নেতৃত্বতেই জিলাখনৰ প্ৰতিটো পঞ্চায়তত চলিছে চৰকাৰী ধনৰ হৰলুকি, চৰকাৰী আঁচনিৰ ৰূপায়নত ব‍্যাপক দুৰ্নীতি, নিম্নমানৰ কামৰ অভিযোগ, খেলিমেলি, কেলেংকাৰী আদি ৷

নৰ্থ বইটামাৰী গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিত দুৰ্নীতি

পঞ্চায়তটোৰ প্ৰায় পাঁচ লাখ টকা ব্যয়েৰে চৰকাৰী আচঁনিৰ নলা নিৰ্মাণৰ কাম চলি আছে ৷ কিন্তু নলা নিৰ্মাণৰ কাম-কাজ পাঁচ ইঞ্চি গাঁঠনিৰে কৰাৰ বাবে অতি নিম্ন মানৰ হোৱাত প্ৰতিবাদ সাব্যস্ত কৰে দুই স্থানীয় যুৱকে ৷ কিন্তু এই প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই দুয়োগৰাকী যুৱক ৰোষত পৰে পঞ্চায়ত আৰু চৰকাৰৰ ৷ যুৱক দুজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ লগতে প্ৰেৰণ কৰা হয় জেললৈ ৷

নৰ্থ বইটামাৰী গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিত দুৰ্নীতি

বৰ্তমান এই ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পঞ্চায়তৰ ভিতৰচৰা ৷ স্থানীয় ৰাইজে দাবী কৰিছে যে, নলাৰ গাঁঠনি পাঁচ ইঞ্চিৰ পৰিৱৰ্তে দহ ইঞ্চি হ'ব লাগে ৷ স্থানীয় ৰাইজে অভিযোগ কৰে যে, নিম্নমানৰ কাম বন্ধ কৰি দিয়াৰ বাবে যুৱক দুজনৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে ভেণ্ডৰে ৷ সেয়েহে ঘটনাৰ উচিত তদন্তৰ লগতে সকলো কাম-কাজ সঠিক মতে কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

নৰ্থ বইটামাৰী গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিত দুৰ্নীতি

লগতে পঢ়ক :সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য

ABOUT THE AUTHOR

...view details