চিৰাং, ২০ ডিচেম্বৰ :চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধনৰ কেলেঙ্কাৰীৰ অভিযোগ উত্থাপন হৈছে (Scam in Chirang District DC office) । অভিযোগ অনুসৰি, জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জীৱন ফুকন ৰায়ে উপায়ুক্তৰ কাৰ্যালয়ৰ যাৱতীয় বিলৰ কাম চোৱাচিতা কৰে । কিন্তু কিদৰে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ কাম কৰে সেই লৈ সৃষ্টি হৈছে প্ৰশ্নৰ (4th grade employee fraud in Chirang DC office) ।
ইয়াৰ উপৰি উপায়ুক্তৰ কাৰ্যালয়ত ইমানসংখ্যক কৰ্মচাৰী থকাৰ পিচতো কিয় এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হতুৱাই গধুৰ (শকত পৰিমাণৰ) বিলৰ কাম কৰিবলৈ দিয়ে ? চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জীৱন ফুকন ৰায়ে বিগত লাচিত দিৱসৰ নামত চিৰাং জিলালৈ অসম চৰকাৰে আবন্টন দিয়া ৩৫ লাখ টকাৰ বিলৰ কাম কৰিছিল (Lachit Diwas in Chirang) । যাৰ বাবে লাচিত দিৱসৰ সকলো কাম কৰা কাজলগাঁৱৰ সৰকাৰ ডেকোৰেটৰ এণ্ড টেণ্ট হাউছৰ লোকে কাম কৰি ৪ লাখ ৫ হেজাৰ ২০০ টকাৰ বিল জমা দিছিল যদিও তেওঁৰ নামত বিল নিদি অইন এজন ঠিকাদাৰৰ নামত বিল দিয়াৰ অভিযোগ উত্থাপন হৈছে (money laundering case in Chirang DC office) ।