চিৰাং, 25 জুন: বিটিচিত ক্ৰমাৎ পোহৰলৈ আহিছে ইটোৰ পাছত সিটো বিয়াগোম দুৰ্নীতিৰ ঘটনা ৷ এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ চিৰাং জিলাৰ কাশিকত্ৰা ভিচিডিচিৰ অন্তৰ্গত আঠীয়াবাৰী গাঁৱত সংঘটিত হৈছে এই দুৰ্নীতি ৷ আজিও অৰ্ধ নিৰ্মিত অৱস্থাতে পৰি আছে তিনিবছৰ পূৰ্বেই নিৰ্মাণ আৰম্ভ হোৱা আৱাস যোজনাৰ ঘৰ ৷ উপায়হীন হৈ অৰ্ধনিৰ্মিত ঘৰতে অবৰ্ণনীয় জীৱন যাপন কৰিছে হিতাধিকাৰীয়ে ৷
উল্লেখ্য যে, চিৰাং জিলাৰ কাশিকত্ৰা ভিচিডিচিৰ সভাপতি অনিৰাম মুচাহাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই সমগ্ৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷ তিনিবছৰৰ পূৰ্বেই চৰকাৰী অনুদানৰ ধনেৰে কাশিকত্ৰা ভিচিডিচিৰ পৰা ঘৰ বনোৱা আৰম্ভ কৰিছিল অনিৰাম মুচাহাৰীয়ে । কিন্তু তিনিবছৰৰ পাছতো সম্পূৰ্ণ নহ'ল হিতাধিকাৰী হোপন ছোৰেনৰ ঘৰটো ৷ হোপন ছোৰেনে জনোৱা অনুসৰি সময়ে সময়ে ভিচিডিচিৰ কাৰ্যালয়লৈ মাতি নি টিপ চহী লৈছিল ভিচিডিচিৰ সভাপতি অনিৰাম মুচাহাৰীয়ে ৷ কিন্তু তাৰ পাছত কোনো ধৰণৰ কাম নকৰিলে সভাপতি গৰাকীয়ে ৷