অসম

assam

ETV Bharat / state

চৰকাৰৰ দ্বাৰা অৱহেলিত সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত প্ৰমিলা নাৰ্জাৰী - ড° মঙ্গল সিং হাজোৱাৰী

প্ৰমীলা নাৰ্জাৰীয়ে কেবাখনো পুথি বড়ো ভাষালৈ অনুবাদ কৰি সযতনে ৰাখিছে ৷ কিন্তু দুখৰ বিযয় যে তেওঁ অসুখৰ বাবে শয্যাগত হ'বলগা হোৱাত বহুতো পুথি অপ্ৰকাশিত হৈ ৰৈছে৷

চৰকাৰৰ দ্বাৰা অৱহেলিত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰমিলা নাৰ্জাৰী !

By

Published : Aug 24, 2019, 2:51 PM IST

চিৰাং, 24 আগষ্টঃচিৰাং জিলাৰ শিলবাৰীৰ বাসিন্দা এসময়ৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত প্ৰমিলা নাৰ্জাৰী বৰ্তমান অৱহেলিত ৷ অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হোৱা প্ৰমিলা নাৰ্জাৰীৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰৰ ৷

চৰকাৰৰ দ্বাৰা অৱহেলিত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰমিলা নাৰ্জাৰী !

2005 চনত বুঢ়ী আইৰ সাধু গল্প পুথি বড়ো ভাষালৈ অনুবাদৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল প্ৰমিলা নাৰ্জাৰীয়ে ৷ ইয়াৰ পাচতে 2016 চনত ৰাজ্যিক চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠা শিক্ষয়িত্ৰীৰ সন্মান , 2017 চনত চিৰাং জিলা প্ৰশাসনৰ তৰফৰ পৰা শ্ৰেষ্ঠ শিক্ষা সেৱাৰ সন্মান, 2018 চনত অইল ইণ্ডিয়া লিমিটেডৰ শিক্ষা ৰত্ন পুৰস্কাৰ আৰু বহুতো সন্মানেৰে বিভূষিতা প্ৰমীলা নাৰ্জাৰীয়ে অনেক সামাজিক-সাস্কৃতিক অনুষ্ঠানৰ লগত নিজকে জড়িত কৰি সমাজখন আগবঢ়াই লৈ যোৱাত অহৰহ চেষ্টাত ব্ৰতী হৈ আহিছে ৷ প্ৰমীলা নাৰ্জাৰীয়ে কেবাখনো পুথি বড়ো ভাষালৈ অনুবাদ কৰি সযতনে ৰাখিছে ৷ কিন্তু দুখৰ বিযয় যে তেওঁ অসুখৰ বাবে শয্যাগত হ'বলগা হোৱাত বহুতো পুথি অপ্ৰকাশিত হৈ ৰৈছে৷ এই সমূহ প্ৰকাশ কৰিব নোৱাৰাত অতি আক্ষেপ ব্যক্ত কৰে প্ৰমীলা নাৰ্জাৰীয়ে ৷ আজি মণ্ডল কেন্দ্ৰৰ সমন্বয়ক জিতেন্দ্ৰ সূত্ৰধাৰৰ নেতৃত্বত কমেও 25 জনীয়া শিক্ষক- শিক্ষয়িত্ৰীৰ দল প্ৰমীলা নাৰ্জাৰীৰ বাস গৃহত উপস্থিত হৈ তেওঁৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে সংগীত নাটক অকাডেমি পুৰষ্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক ড0 মঙ্গল সিং হাজোৱাৰীয়ে প্ৰমিলা নাৰ্জাৰীৰ খবৰ লৈ আশু আৰোগ্য কামনা কৰে ৷

ABOUT THE AUTHOR

...view details