চিৰাং , 27 মে':আৰ্থিক দীনতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে এই কথা প্ৰমাণিত কৰিলে চিৰাং জিলাৰ ৰূপম বিশ্বাসে ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে জিলা খনৰ বাসুগাঁও থুৰিবাৰীৰ মেধাৱী ছাত্ৰ ৰূপমে ৷ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰূপমে 80% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ৷
আৰ্থিক দীনতাক নেওচি জিলিকিল চিৰাঙৰ ৰূপম
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চিৰাং জিলাৰ বাসুগাঁওস্থিত থুৰিবাৰীৰ মেধাৱী ছাত্ৰ ৰূপমে ৷
ৰুপম বিশ্বাস
নাপিত পিতৃ ইন্দ্ৰজিত বিশ্বাস আৰু আনৰ ঘৰত বন কৰা মাতৃৰ পুত্ৰ ইন্দ্ৰজিত বিশ্বাসে আৰ্থিক সমস্যাৰ মাজতো অতি কষ্টৰে পঢ়া শুনা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বাসুগাঁৱৰ গুৰুকুল নেচনেল স্কুলৰ স্বত্বাধিকাৰী, দেৰহাছত বসুমতাৰীয়ে ৰূপমৰ পঢ়াশুনাৰ দ্বায়িত্ব লোৱাত দৰিদ্ৰ পৰিয়ালটিয়ে কিছু সকাহ পায় ৷ ইয়াৰোপৰিও এই গুৰুকুল বিদ্যালয়খনে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ দৰিদ্ৰ মেধা সম্পন্ন দহটা কৈ ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাৰ দায়িত্ব লৈছে ৷