অসম

assam

ETV Bharat / state

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দুই

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ বাইক চালক দিদৌম মুচাহাৰীৰ (২২) লগতে টাটা এচিৰ (ছোটা হাথী) চালক বীৰবল নাৰ্জাৰী (৩৫) ও আহত হৈছে ৷

By

Published : Jun 22, 2019, 9:56 PM IST

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

চিৰাং, 22 জুন : চিৰাঙৰ ভাৰত - ভূটান সীমান্তৱৰ্তী শান্তিপুৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত বাইক আৰোহী দিদৌম মুচাহাৰী (২২) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ উদণ্ড যুৱকজনে তীব্ৰ বেগত বাইক চলাই আহি সামগ্ৰী কঢ়িওৱা টাটা এচি গাড়ী খনত খুন্দিওৱাৰ ফলত ক্ষতিগ্ৰস্ত হয় গাড়ীখন ৷ ইয়াৰ পাছতে সংকটজনক অৱস্থাত যুৱকজনক বঙাইগাঁওৰ নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰা হয় ৷

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

ইপিনে টাটা এচি গাড়ী খনত খুন্দিওৱাৰ ফলত চালকজন গাড়ীতে আৱদ্ধ হৈ পৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে বহু চেষ্টাৰ অন্তত যুৱকজনক গাড়ীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ চালকজন চিৰাং জিলাৰ বেংতল অন্ঠাইবাৰীৰ বীৰবল নাৰ্জাৰী বুলি জানিব পৰা গৈছে ৷ ভাৰত - ভূটান সীমান্তত শনিবাৰৰ দিনটোত সংঘটিত হোৱা এইটো দ্বিতীয়টো দুৰ্ঘটনা । ৰাতিপুৱাৰ ভাগত সংঘটিত এক দুৰ্ঘটনাত দাদগিৰি অঞ্চলৰ এজন লোক নিহত হৈছিল ৷

ABOUT THE AUTHOR

...view details