অসম

assam

ETV Bharat / state

ABSU protest : চিৰাঙত এবছুৰ পথ অৱৰোধ

চিৰাঙত ডাম্পাৰৰ দৌৰাত্ম অব্যাহত আছে । ডাম্পাৰৰ গতি ৰোধ আৰু পথ মেৰামতিৰ দাবীত এবছুৰ দুঘণ্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী (ABSU road block)। বালি আৰু শিলৰ অবৈধ মহলসমূহৰ বিৰুদ্ধে তদন্তৰো দাবী এবছুৰ ।

By

Published : Nov 12, 2022, 11:20 AM IST

Chirang
চিৰাঙত এবছুৰ পথ অৱৰোধ

চিৰাং,১২ নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম অব্যাহত আছে । ডাম্পাৰৰ দৌৰাত্মৰ বাবেই বহু ঠাইত পথ দুৰ্ঘটনা সংঘটিত হৈ নিৰীহ লোক প্ৰাণ হেৰুৱাবলগীয়া হৈছে । যাৰ বাবে ডাম্পাৰৰ দৌৰাত্ম বন্ধ কৰাৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্ত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজে । চিৰাং জিলাৰো বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্মৰ বাবে সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ (Dumper terror in Chirang)। যাৰ বাবে চিৰাঙৰ ৰৌমাৰীত এবছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

চিৰাঙত এবছুৰ পথ অৱৰোধ

শুকুৰবাৰে সংগঠনটোৱে ডাম্পাৰৰ দৌৰাত্ম ৰোধ আৰু বাটপথ মেৰামতিৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । চিৰাঙৰ ছাপাগুৰীৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভূটান সীমান্তৰ মালিভিটালৈ দীৰ্ঘ পথচোৱা বহু বছৰৰ পৰাই জৰাজীৰ্ণ ৰূপত আছে যদিও কোনো এখন চৰকাৰেই পথচোৱা মেৰামতি বা নিৰ্মাণৰ কোনো ব্যৱস্থা কৰা নাই । শেহতীয়া কৈ যোৱা চাৰি বছৰ পূৰ্বে অসম চৰকাৰে অসম মালা আঁচনিত মঞ্জুৰি দিয়াৰ পিছতো কোনো কাম নোহোৱাত শোচনীয় হৈ পৰিছে পথটো (Pitiful condition of road in Chirang)।

তাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰা দি শোচনীয় পথেৰেই আই নৈৰ শিল, বালি লৈ নিতৌ শ শ ডাম্পাৰ চলাচল কৰাত পথটোৰে সাধাৰণ জনতাৰ যাতায়াত অসম্ভৱ হৈ পৰিছে । বাৰিষাৰ দিনত পথত পানী জমা হোৱাৰ লগতে দ' গাঁতৰ সৃষ্টি হয় । আকৌ খৰালিত ধূলিৰ বাবে যাতায়াত দুৰ্বিষহ হৈ পৰে । যাৰ বাবে ৰৌমাৰী ইউনিট এবছুৰ উদ্যোগত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ৰৌমাৰীৰ স্থানীয় লোকে পুৱা দহ বজাৰ পৰাই বিয়লি এক বজালৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Road blockage of ABSU)।

লক্ষণীয়ভাৱে পূৰ্বেও এই সমস্যা সমাধানৰ দাবী এবছুকে ধৰি বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল (ABSU protest in Chirang)। কিন্তু তাৰ এতিয়ালৈ কোনো ব্যৱস্থা নকৰাত পুনৰ পথ অৱৰোধ কৰি জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে এবছু আৰু স্থানীয় ৰাইজে । ৰৌমাৰীৰ এবছুৰ সভাপতি বিকাশ ব্ৰহ্ম আৰু সম্পাদক ফুঙ্কা মুচাহাৰী স্বাক্ষৰিত স্মাৰকত আই নৈত চলি থকা অবৈধ শিল, বালি মহলসমূহৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী জনায় সংগঠনটোৱে ।

লগতে পঢ়ক :Bharat Jodo Yatra: 50 শতাংশ আসনত বিজেপিক খিলঞ্জীয়া ভূমিপুত্ৰসকলে হৰুৱাই দিলে: ভূপেন বৰা

ABOUT THE AUTHOR

...view details