চিৰাং, 18 এপ্ৰিল :ৰাজ্য চৰকাৰখনে প্ৰতিটো ভাষণতে ৰাজ্যৰ প্ৰগতি, উন্নয়ন হোৱা বুলি দাবী কৰি থাকিলেও শেহতীয়াকৈ পুনৰ দেখিবলৈ পোৱা গৈছে চৰকাৰী অমনোযোগিতাৰ আন এখন দুখ লগা ছবি ৷ চৰকাৰে নিৰ্মাণ কৰি দিয়াৰ আশা বাদ দি ৰাইজে নিজৰ গৰু-গছ বিক্ৰী কৰি দলং নিৰ্মাণৰ বাবে হাতত ল’লে কাম ৷ চিৰাঙৰ চম্পাবজাৰৰ নিকটৱৰ্তী ভূৰ নৈৰ ওপৰৰ দলংখন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে ভাঙিলে গাঁথিৰ ধন (Local people repaired bridge in Chirang) ।
চিৰাং জিলাৰ 2 নং গৰুভাষা শালবাৰীৰ লোকে সোমবাৰে চৰকাৰ ওপৰত আশা বাদ দি চম্পাবজাৰৰ নিকটৱৰ্তী ভূৰ নৈৰ ওপৰৰ দলঙখন নিৰ্মাণৰ বাবে নিজে গাঁথিৰ ধন খৰচ কৰি আগবাঢ়ি আহিল । বিটিচিৰ বিপিএফৰ চৰকাৰেও এইখন দলং নিৰ্মাণৰ বাবে যি প্ৰতিশ্ৰুতি আগবঢ়াইছিল, সেয়া ৰক্ষা নকৰিলে বুলি আক্ষেপ সহকাৰে প্ৰকাশ কৰে ৰাইজে ৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে গাদী দখল কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰেও নকৰিলে দলং নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা । যাৰ বাবে কেইবাখনো গাঁৱৰ লোকৰ যাতায়াতত ব্যাপক সমস্যাই দেখা দি আহিছে বিশেষকৈ বাৰিষাৰ বতৰত (Bridge over Bhur river of Chirang)।
বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীকে আদি কৰি ব্যৱসায়ী তথা সাধাৰণ জনতাই বছৰৰ পিচত বছৰ কষ্ট ভুগিবলগীয়া হৈছে এই দলংখন নোহোৱাৰ বাবেই ৷ উপায়ন্তৰ জনতাই নিজৰ গৰু বিক্ৰী কৰি, ঘৰৰ গছ বিক্ৰী কৰি, ৰাইজৰ ধন সকলো মিলাই হাতত ল’লে দলং নিৰ্মাণৰ কাম ৷ মূলতঃ আদিবাসী অধ্যুষিত জনবসতিৰ গাঁ’ৰ লোকসকলে দলং নিৰ্মাণৰ বাবে আগভাগ লয় ৷