চিৰাং, 23 জুনঃ ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে মেৰামতি কৰা হ'ল চিৰাং জিলাৰ ছাপাগুৰিৰ সদা ব্যস্ত চাৰিআলিটোৰ ট্ৰেফিক পইন্টো ৷ বিগত প্ৰায় ৪/৫ মাহে অচল হৈ আছিল চিৰাং আৰু বঙাইগাঁও জিলাৰ সংযোগস্থল ছাপাগুৰিৰ ট্ৰেফিক পইন্টো ৷
ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ : মেৰামতি কৰা হ'ল ট্ৰেফিক পইন্ট
২২ জুনত এই বিষয়ে ই টিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই তৎকালীনভাৱে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ট্ৰেফিক পইন্টোৰ মেৰামতিৰ কাম আৰম্ভ কৰে।
লগতে পঢ়কঃচৰকাৰৰ ভূল নীতিৰ বাবেই দেশে এই সংকটৰ সম্মুখীন হৈছে : ছোনিয়া গান্ধী
২২ জুনত এই বিষয়ে ই টিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই তৎকালীনভাৱে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ট্ৰেফিক পইন্টোৰ মেৰামতিৰ কাম আৰম্ভ কৰে। সেয়ে ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰে চিৰাঙৰ যানবাহন নিয়ন্ত্ৰণ শাখাৰ কৰ্তব্যত জোৱানে ৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কেলেংকাৰীৰ বাতৰি ১৬ জুনত ইটিভি ভাৰতত প্ৰচাৰৰ হোৱাৰ পিচতে ৰাষ্ট্ৰীয় ঘাই পথৰ মেৰামতিৰ কামো আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।