অসম

assam

ETV Bharat / state

ভূটানে এৰিব পানী

কলগাছিয়াৰ কেইবাটাও অঞ্চলত বানে আৰু তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা ৷ ভূটানে বান্ধ খুলি দিব কুৰিশ্বো নৈৰ ৷ জিলা প্ৰশাসনৰ ৰেড এলাৰ্ট

By

Published : Jul 25, 2019, 4:15 AM IST

ভূটানে এৰিব পানী


চিৰাং, 25 জুলাই : ভূটানে কুৰিশ্বো নৈৰ বান্ধ খুলি দিব আৰু এই পানী বেকী নদীৰে আহিব । যাৰ ফলত কলগাছিয়াৰ কেইবাটাও অঞ্চলত বানে আৰু তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তাই দেখা দিছে ৷ ভূটানৰ কুৰিশ্বো জল বিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিব বুলি শুনাৰ লগে লগে আতংকিত হৈ পৰিছে ৰাইজ । বৰপেটা জিলা প্ৰশাসনে আজি কলগাছিয়াকে আদি কৰি বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে মাইকেৰে ঘোষনা কৰি ৰেড এলাৰ্ট জাৰি কৰিছে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডাংগা, গুইলেজা, মিনিশিমলা, শ্ৰীৰামপুৰ, গলীয়া, ডাউকমাৰী, লাচাংগা, সুতিৰপাথাৰ, খাৰবাল্লী, কাউৰজাহী, কাচুকাটি, মোৱামাৰী, মইনবড়ী, ঢাকালীয়া পাৰা, সাওঁৰাচৰাকে ধৰি ৩১ খন ৰাজহ গাঁৱত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে । ইতিমধ্যে বানাক্ৰান্ত আৰু নৈ পৰীয়া ৰাইজক মাইক যোগে ঘোষণা কৰি সতৰ্ক হবলৈ আহ্বান জনাইছে প্ৰশাসনে ।

ABOUT THE AUTHOR

...view details