চিৰাং, 29 মাৰ্চ:সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে NRC ৰ পুনৰ ভেৰিফিকেচনৰ সন্দৰ্ভত সোমবাৰে চিৰাঙৰ কাজলগাঁৱত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া(AAMSU president on NRC reverification) ৷ এনআৰচি সন্দৰ্ভত একপ্ৰকাৰ বিস্ফোৰণ ঘটাই সভাপতিগৰাকীয়ে কয় যে, এইক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে ৰাজ্য চৰকাৰ ৷
অত্যাৱশ্যকীয় সামগ্ৰী, অত্যাৱশ্যকীয় দৰৱ, ইন্ধন আৰু বিদ্যুত মাচুলকে ধৰি প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগই সংবাদ শীৰ্ষ দখল কৰাৰ সময়তে সেই প্ৰসংগ তল পেলাবলৈ এনআৰচি-ৰ প্ৰসংগ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন(Cm Himanta Biswa Sarma demand for new NRC) কৰা বুলি সংগঠনটোৰ সভাপতিগৰাকীয়ে সদৰী কৰে ৷
তদুপৰি এই এনআৰচিখন খোদ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অধীনত প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পুনৰ এখন নতুন এনআৰচি প্ৰস্তুত কৰাৰ কথা সদৰী কৰিছিল ৷ ইয়াৰ পিছৰে পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ সুস্মিতা দেৱৰ(MP Sushmita Dev on New NRC) লগতে আমছুৰ দৰে সংগঠনে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতাৰে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছিল ৷
যদিহে এনআৰচি-ৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আমছু ৷ এনআৰচিখন প্ৰস্তুত কৰাৰ পিছত পুনৰ নিৰীক্ষণ কৰা হৈছিল ৷ সেয়ে সাম্প্ৰতিক সময়ত পুনৰ এবাৰ নিৰীক্ষণ অপ্ৰয়োজনীয় বুলিও সদৰী কৰে সৰকাৰে ৷ কিয়নো এনআৰচিৰ প্ৰস্তুতকৰণৰ নামত ব্যয় হৈছিল মানৱ সম্পদৰ ব্যৱহাৰৰ লগতে পৰ্যাপ্ত সময় ৷ যাৰ বাবে একপ্ৰকাৰ স্থবিৰ হৈ পৰিছিল ৰাজ্যৰ আন বিভাগীয় সকলো কাম-কাজ ৷ লগতে হাৰাশাস্তি হৈছিল সংখ্যালঘূৰ উপৰিও আন একাংশ জনসাধাৰণৰ ৷ সেয়ে পুনৰ এবাৰ এই সকলোবোৰ হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷