অসম

assam

ETV Bharat / state

চিৰাঙত উদ্ধাৰ দুষ্প্ৰাপ্য লতামাকৰি - চিৰাঙত উদ্ধাৰ দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড

ঢালিগাঁও থানাত হঠাতেই ওলাল এটা লতামাকৰি বাঘ । লতামাকৰিটো চাবলৈ মানুহৰ ভিৰ।

দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড
দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড

By

Published : Dec 26, 2019, 2:20 PM IST

চিৰাং, 26 ডিচেম্বৰ: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বঙাইগাঁও শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰত ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথত বুধবাৰে মাজ নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা বিৰল প্ৰজাতিৰ জন্তু ৷ আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীয়ে নিয়মিত টহল দি থকা অৱস্থাত দৌৰি আহি আৰক্ষীৰ গাড়ীত খুন্দিয়ায় এই জন্তুবিধে । পাচলৈ আৰক্ষীয়ে বিৰল প্ৰজাতিৰ জন্তুবিধক উদ্ধাৰ কৰি থানালৈ লৈ আহে লগতে বৃহস্পতিবাৰে পুৱাই চিৰাং বন সংমণ্ডল বিভাগৰ বিষয়া ব্ৰহ্মানন্দ পাতিৰিক গতাই দিয়ে ।

দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড

বন বিষয়াই জনোৱা মতে উদ্ধাৰ হোৱা প্ৰাণীবিধ দুষ্প্ৰাপ্য লতামাকৰি (ক্লাউডেড লিঅ'পাৰ্ড)। হিমালয়ৰ পাদদেশ সমূহত মাজে সময়ে এই জন্তুবিধক দেখিবলৈ পোৱা যায় বুলি জনায় বনবিষয়াগৰাকীয়ে। ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি কোকৰাঝাৰৰ বন্যপ্ৰাণী চিকিৎসালয়ত চিকিৎসা কৰাইছে জন্তুবিধক ৷ পৰৱৰ্তী সময়তহে ইয়াক ক'ত এৰি দিব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বন বিভাগে।

দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড

লগতে পঢ়ক: অখিল গগৈৰ বাসগৃহ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলয়ত NIAৰ অভিযান


ABOUT THE AUTHOR

...view details