অসম

assam

ETV Bharat / state

অনিশ্চয়তাত বিজেপি-বিপিএফৰ মিত্ৰতা : ৰঞ্জিত দাস

আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিজেপি-বিপিএফৰ মিত্ৰতাক লৈ নিশ্চিতি প্ৰদান নকৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে চিৰাঙৰ বিজনীত উপস্থিত হৈ সংবাদ মাধ্যমৰ দাসে মন্তব্য কৰিলে যে, চাৰিখন জিলাৰ তিনিখনতে বিজেপিয়ে জয়ী হ'ব ৷

চিৰাঙত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰঞ্জিত দাস

By

Published : Oct 11, 2019, 1:20 PM IST

চিৰাং, 11 অক্টোবৰ : আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিজেপি-বিপিএফৰ মিত্ৰতাক লৈ নিশ্চিতি প্ৰদান নকৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে চিৰাঙৰ বিজনীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য কৰে যে, বিজিপি দলৰ প্ৰাৰ্থী তিনিওটা আসনতে জয়ী হ'বলৈ সক্ষম হ'ব ৷ বিটিচি নিৰ্বাচনৰ বাবে চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, উদালগুৰি, বাক্সা আৰু চিৰাঙে প্ৰৱল প্ৰতিদ্বন্দিতাৰে নামিব বুলি উল্লেখ কৰে দাসে ৷ আগন্তক দিনত বিটিচিত বিজেপি দলক সুদৃঢ় কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে বিজেপিৰ সভাপতিগৰাকীয়ে ৷

চিৰাঙত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰঞ্জিত দাস

বিটিচিৰ কোনো এখন জিলা বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতাৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচন খেলাটো নিবিচাৰে বুলি জনাই ৰঞ্জিত দাসে ৷ বিপিএফ দলে বিটিচিত বিভিন্ন ঠিকা বা অন্যান্য উন্নয়নমূলক কামত মিত্ৰজোঁটৰ বিজেপিৰ দলীয় লোকক বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগো তোলে সভাপতিগৰাকীয়ে ৷ ৰঞ্জিত দাসে লগতে কয় যে, কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ এজনীয়া দলৰ সৈতে বিটিচি পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত কোনো ধৰনৰ মিত্ৰতাৰ প্ৰশ্নই নাহে । মাত্ৰ এজন ব্যক্তিক লৈ গঠিত দলৰ গুৰুত্ব কিমান সেয়া সকলোৱে জানে বুলি মন্তব্য কৰে ৰঞ্জিত দাসে । ভাৰতৰ 18 কোটি আৰু অসমৰ 42 লাখ সদস্যৰ দল এটাই এজন ব্যক্তিৰ দ্বাৰা গঠিত দলৰ সৈতে আলোচনাৰ বা কোনো গোপন বুজাবুজিৰ প্ৰশ্নই নুঠে বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

চিৰাঙত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰঞ্জিত দাস

অসমৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত ভাপতিজনে দাবী কৰে যে, চাৰিখন জিলাৰ তিনিখনতে নিশ্চিতভাৱে বিজেপি দলৰ প্ৰাৰ্থী জয়ী হ'ব । জনীয়া সমষ্টিত বিজেপি জয়ী হ'লে বিজেপিৰ নহয়, সমষ্টিটোৰে উন্নয়ন হ'ব বুলি মন্তব্য কৰে দাসে ৷ বৰাকভেলীৰ লোকৰ দৰে জনীয়া বাসীয়ে এইকথা অনুধাৱন কৰিবলৈ সক্ষম হ'লে অঞ্চলটোৰ উন্নয়ন হ'ব বুলি মন্তব্য কৰে দাসে ৷

ABOUT THE AUTHOR

...view details